ETV Bharat / state

আই নদীৰ খহনীয়াই জীয়াতু ভোগাইছে অভয়াপুৰীবাসীক - অভয়াপুৰী

উত্তৰ অভয়াপুৰীত আই নদীৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ ৷ বাঢ়নী পানীৰ কোবাল সোঁতে খহাইছে মথাউৰি ৷ আতংকিত নৈপৰীয়া ৰাইজ ৷

আই নদীৰ খহনীয়াই জীয়াতু ভোগাইছে অভয়াপুৰীবাসীক
author img

By

Published : Jun 26, 2019, 9:04 PM IST

বঙাইগাঁও, 26 জুন : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ কীৰ্তন পাৰাত আই নদীৰ খহনীয়াই ৰুদ্ৰ মূৰ্তি ধৰি বিপাঙত পেলাইছে নৈপৰীয়া জনসাধাৰণক৷ দীৰ্ঘদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নৈৰ পানীৰ প্ৰচণ্ড হেঁচাত চপা চপে খহিছে আই নদীৰ পাৰ৷ পানীৰ সোঁতে মথাউৰি খহাবলৈ মাত্ৰ 2-3 ফুটহে বাকী আছে অঞ্চলটোত৷

আই নদীৰ খহনীয়াই জীয়াতু ভোগাইছে অভয়াপুৰীবাসীক

আই নদীৰ এই ৰুদ্ৰমূৰ্তিয়ে ভাবুকি নমাই আনিছে কীৰ্তন পাৰা-হালধিবাৰী সংযোগী মথাউৰিটোলৈ৷ মথাউৰি চিঙি যোৱাৰ লগে-লগে প্লাবিত হ'ব কীৰ্তন পাৰা, হালধিবাৰী,কাহিবাৰী, দেউটাৰীকে আদি কৰি 10 খনৰো অধিক গাঁও৷ এই আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষলৈ গাঁওবাসীয়ে বহু আবেদন-নিবেদন কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ কৃপা দৃষ্টি পৰা নাই অঞ্চটোত৷ যাৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে অঞ্চলটোৰ জনসাধাৰণৰ মাজত৷ অনতিপলমেই গৰাখহনীয়াৰ সমস্যা ৰোধ কৰাৰ বাবে কাৰ্যপন্থা হাতত ল'বলৈ প্ৰশাসনলৈ অনুৰোধ জনাইছে অঞ্চবাসীয়ে৷

Intro:উত্তৰ অভয়াপুৰীত আই নদীৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ। বাঢ়নী পানীৰ কোবাল সোঁতে খহিছে মথাউৰি। আতংকিত নৈ পৰীয়া ৰাইজ। Body:উত্তৰ অভয়াপুৰী : বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰীৰ কীৰ্তন পাৰাত আই নদীৰ খহনীয়াৰ ৰুদ্ৰ মুৰ্তি ধাৰণ কৰাত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই নদীৰ পানী বাঢ়ি অহাৰ লগে লগে খহনীয়াই ৰুদ্ৰ মুৰ্তি ধাৰণ কৰিছে। ফলত কীৰ্ত্তন পাৰা - হালধিবাৰী মথাউৰিলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। মথাউৰি ছিঙিবলৈ ঠাইয়ে ঠাইয়ে মাত্ৰ ২ ফুট, ৩ ফুটহে বাকী আছে। মথাউৰি ছিঙি যোৱাৰ লগে লগে এলেকাটোৰ কীৰ্ত্তন পাৰা, হালধিবাৰী, কাহিবাৰী, দেউটাৰী আদি কৰি ১০ খনকৈ গাওঁ প্লাৱিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত গাওবাসী আতংকিত হৈছে। একাংশ গঞাই বিধায়কৰ ওপৰত ক্ষোভ উজাৰিলে।বিষ খুৱাই মাৰিবলৈ চৰকাৰক দাবী জনাইছে। আনহাতে প্ৰসাশনৰ দৃষ্টি গোচৰ কামনা কৰিছে বিভিন্ন মহলে। Conclusion:ৰাইজৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.