ETV Bharat / state

মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে তদন্ত কৰকঃ আমছুৰ সভাপতি - ঈদ

আমছুৰ সভাপতি ৰেজাউল কৰিমে ঈদ উপলক্ষে লক ডাউন উলংঘা কৰি অযথা বজাৰত নাযাবলৈ আহ্বান ৷ ঘৰতে থাকি ঈদ উদযাপন কৰিবলৈ মুছলমান ৰাইজক আহ্বান ৷ বজাৰ-সমাৰত আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনায় সভাপতি গৰাকীৰ ৷

ETV BHARAT
মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে তদন্ত কৰকঃ আমছুৰ সভাপতি
author img

By

Published : May 19, 2020, 4:24 PM IST

বঙাইগাঁও, 19 মেঃ বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাবত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সংবাদ মেল । সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ৰ ওপৰত সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আমছুৰ সভাপতি জনে ।

মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে তদন্ত কৰকঃ আমছুৰ সভাপতি

বঙাইগাঁৱৰ কোকিলা প্ৰেছ ক্লাবত আমছুৰ সভাপতিজনে আয়োজন কৰা সংবাদমেলত আমছুৰ সভাপতি জনে দাবী কৰি কয় যে, ক'ৰণা মহামাৰীৰ সংহাৰৰ মাজতে সংখ্যালঘু অধ্যষিত অঞ্চলৰ বজাৰ সমুহত এতিয়াও ভিৰ হোৱা পৰিলক্ষিত হৈছে। ঈদৰ সময়ত সকলোকে বজাৰ সমাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । দেশৰ আন-আন লোক সকলেও বিহুকে ধৰি কোনো উৎসৱ উদযাপন কৰা নাই, গতিকে ঘৰতে থাকি ঈদ উদযাপন কৰক ৷ জীয়াই থাকিলে বহু ঈদৰ বজাৰ কৰিব পাৰিব বুলিও কয় আমছুৰ সভাপতি জনে। তাৰোপৰি বজাৰ সমুহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ - প্ৰশাসনক আহ্বান জনায় । চৰকাৰী নিৰ্দেশনা উলংঘা কাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীও জনায় সংবাদ মেলত।

আনহাতে, প্ৰধান মন্ত্ৰী কিষান সন্মান নিধিৰ হিতাধিকাৰী বাচনিত হোৱা অনিয়মৰ বিষয়ে সংবাদ মেলত আমছুৰ সভাপতিজনে কয় যে , প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকাত ব্যাপক অনিয়ম সংঘটিত হৈছে। এই আঁচনিত দুৰ্নীতিৰ লগত বিজেপিৰ বৰমুৰীয়া সকল জড়িত থকাৰ অভিযোগ কৰে আমছুৰ সভাপতি জনে। বিজেপিৰ ৰাজ্যিক সভাপতিৰ সমষ্টিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ তথ্য প্ৰকাশ কৰে। ইছলাম ধৰ্মাৱলম্বী লোক নথকা গাঁৱত শ-শ ভুৱা মুছলমানৰ নাম পি এম কিষান আঁচনিত অন্তৰ্ভুক্ত কৰি ব্যাপক দুৰ্নীতি হোৱা বুলি সদৰি কৰে । তিনিশ পৰিয়াল থকা গাঁৱত ১-২ হাজাৰ ভুৱা হিতাধিকাৰীৰ নামত পি এম কিষানৰ ধন লুণ্ঠন কৰা বুলি কয় । এই দুৰ্নীতিত বিজেপিৰ বৰমুৰীয়া জড়িত থকাৰ অভিযোগ আমছুৰ । পি এম কিষান আচনিৰ তদন্তৰ নামত মুখ্যমন্ত্ৰীৰ ভেকোঁভাওনা বুলি অভিযোগ কৰে আমছুৰ সভাপতি জনে । অতিশীঘ্ৰেই দৰিদ্ৰ লোক সকলৰ লগতে কৃষকৰ ধন আত্মসাৎ কৰাৰ লোকৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ দাবী জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে।

লগতে পঢ়ক- পুনৰ যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.