ETV Bharat / state

বঙাইগাঁৱত আৰক্ষীৰ জালত ২ তেল চোৰ - তেল চোৰ

বঙাইগাঁৱত তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । বঙাইগাঁৱৰ ১ নং নাচনকুৰীত তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাতে গেৰুকাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুটা চোৰক । ধৃত চোৰ দুটা জমৰউদ্দিন সৰকাৰ আৰু হবিবৰ ৰহমান ।

2 oil theif arrested at Bongaigaon
বঙাইগাঁৱত আৰক্ষীৰ জালত ২ তেল চোৰ
author img

By

Published : Jul 15, 2021, 2:22 PM IST

বঙাইগাঁও, ১৫ জুলাই: তেল চুৰি কৰিবলৈ গৈ হাতে-লোটে কৰায়ত্ত হ'ল দুই গভাইত চোৰ । বুধবাৰে বিয়লি বঙাইগাঁৱৰ ১ নং নাচনকুৰীত অভিযান চলাই আৰক্ষীয়ে দুয়োটা চোৰক গ্ৰেপ্তাৰ কৰে । ১ নং নাচনকুৰীত এখন তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি আছিল দুয়োটা গভাইত চোৰে । সেই সময়তে উক্ত স্থানত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় ।

আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰে চোৰ দুটাক । ধৃত চোৰ দুটা জমৰউদ্দিন সৰকাৰ আৰু হবিবৰ ৰহমান বুলি জানিব পৰা গৈছে । এক গোপন তথ্যৰ ভিত্তিত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে ১ নং নাচনকুৰীৰ মা কালী হোটেলৰ সমীপৰ মণ্ডল বজাৰ পথত অভিযান চলাইছিল । চোৰ দুটাই AS-19C- 8487 নম্বৰৰ তেলৰ টেংকাৰৰ পৰা তেল চুৰি কৰি আছিল ।

ধৃত জমৰউদ্দিন সৰকাৰ টেংকাৰখনৰ চালক আৰু হবিবৰ ৰহমান ঠেলাচালক । দুয়োৰে ঘৰ ১ নং নাচনকুৰীত । উল্লেখ্য যে, টেংকাৰখনৰ পৰা তেল চুৰি কৰি মুঠ ৫ টা ড্ৰামত তেল ভৰ্তি কৰি এখন ঠেলাত উঠাই থকা সময়তে আৰক্ষী উপস্থিত হয় । তেল চুৰিৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে । চুৰি কৰা তেলৰ পৰিমাণ আছিল মুঠ ৪০০ লিটাৰ । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা টেংকাৰ, ঠেলাখন, তেল চুৰি কৰোঁতে ব্যৱহৃত সা-সামগ্ৰী জব্দ কৰে ।

ঘটনা সন্দৰ্ভত মাণিকপুৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে । আনহাতে, আৰক্ষীয়ে এই তেল চুৰি সন্দৰ্ভত এতিয়াও মুখ খোলা নাই । চোৰকেইটাই নিজে তেলৰ চোৰাং ব্যৱসায় কৰি আহিছিল নে এই কামত আন কোনো লোকো জড়িত হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । বৰ্তমান আৰক্ষীয়ে দুয়োৰে জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ জেৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰু তেল চুৰিৰে জড়িত বহু লোকৰ নাম উন্মোচিত হ'ব ।

লগতে পঢ়ক:ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.