ETV Bharat / state

কিয় মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ ? - বিজেপি নেতৃত্বাধীন অসম চৰকাৰ

মন্ত্ৰী পীযূষ হাজৰিকা হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। ৰাজ্যৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ খহনীয়া অঞ্চলসমূহ জলসম্পদ বিভাগ আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা হাজৰিকাই পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তে বিশ্বনাথ জিলাত উপস্থিত হৈয়ো বান-খহনীয়া অঞ্চল পৰিদৰ্শন নকৰাটো নৈপৰীয়া ৰাইজৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয় বুলি এক বিবৃতি যোগে সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে সংগঠনটোৱে ৷

Why is the Minority Struggle Council angry against Minister Piyush Hazarika
কিয় মন্ত্ৰী পীযূষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ..?
author img

By

Published : May 31, 2021, 12:26 PM IST

বিশ্বনাথ, 31মে': নৱ গঠিত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে শপত গ্ৰহণ কৰিয়েই প্ৰতিটো বিভাগৰ লগতে জলসম্পদ বিভাগৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত তৎপৰ হোৱাৰ সময়তেই মন্ত্ৰী পীযুষ হাজৰিকা হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ । পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নাজিৰ আহমেদে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি মতে, ৰাজ্যৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ খহনীয়া অঞ্চলসমূহ জলসম্পদ বিভাগ আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা হাজৰিকাই পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লৈ আছে। মন্ত্ৰীগৰাকীয়ে উজনি অসমৰ প্ৰায়খিনি জিলাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে যদিও বিশ্বনাথ জিলাত উপস্থিত হৈয়ো বান-খহনীয়া অঞ্চল পৰিদৰ্শন নকৰাটো নৈপৰীয়া ৰাইজৰ বাবে ই এক অতি দুৰ্ভাগ্যজনক বিষয়।

কিয় মন্ত্ৰী পীযূষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ..?

বিগত কিছু দিনৰ পৰা বিশ্বনাথ সমষ্টিৰ কুমলীয়া, শিঙিমাৰী, শলমাৰী আৰু ভোজমাৰীত অব্যাহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া । বিশ্বনাথ-পানপুৰ মথাউৰিৰ প্ৰায় পঞ্চাশ মিটাৰ ওচৰতেই হোৱা অঞ্চলৰ খহনীয়া ৰোধৰ প্ৰতি জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক আৰু সাংসদে গুৰুত্ব নিদিয়াৰ বাবেই এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । বিগত দিনত এই অঞ্চলসমূহ খহনীয়াৰ কবলত পৰি বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান ইত্যাদি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাৰ পিচতো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে জলসম্পদ বিভাগে ।

2012 চনত বিশ্বনাথ-পানপুৰ মথাউৰি ছিঙি বিশ্বনাথ আৰু চতিয়া সমষ্টিৰ শতাধিক গাঁৱত ভয়াৱহ দুৰ্যোগ সৃষ্টি হোৱাৰ পাছতেই তদানীন্তন কংগ্ৰেছ চৰকাৰে প্ৰায় দুশ কোটি টকা আৱন্টন দি মথাউৰি নিৰ্মাণ আৰু জিঅ' বেগৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈকে বহু ঠাইত অসম্পূৰ্ণ হৈ থাকিল জিঅ' বেগৰ কাম । বিষয়া-ঠিকাদাৰ সকলৰ চৰম গাফিলতি আৰু জলসম্পদ বিভাগৰ অমনযোগিতাৰ ফলত এতিয়া ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে ।

বিবৃতিত উল্লেখ কৰা অনুসৰি, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে উজনি অসমৰ স্পৰ্শকাতৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি বিশ্বনাথ জিলাৰে পাৰ হৈ যায় যদিও বানপীড়িত অঞ্চল আৰু খহনীয়া পৰিদৰ্শন নকৰাটো বিশ্বনাথৰ নৈ পৰীয়া ৰাইজক মাহী আইৰ দৃষ্টিৰে চাইছে ৷ আনহাতে, বিশ্বনাথ-পানপুৰ মথাউৰিৰ অতি স্পৰ্শকাতৰ অঞ্চল সমূহ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৰ বিশ্বনাথ জিলা সমিতিয়ে যৌথভাৱে পৰিভ্ৰমণ কৰি শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে জলসম্পদ বিভাগ, স্থানীয় সাংসদ, স্থানীয় বিধায়কৰ লগতে জিলা উপায়ুক্তক আহ্বান জনায় ।

লগতে এই বিবৃতিত উল্লেখ কৰে যে, যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলত বসবাস কৰা খহনীয়াগ্ৰস্ত লোক সকলক চিনাক্ত কৰি চৰকাৰে প্ৰমাণ পত্ৰ যোগান ধৰাৰ লগতে উল্লেখিত অঞ্চলৰ ভুক্তভোগী লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে । সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ, নেমছুৰ বিশ্বনাথ জিলাৰ সাধাৰন সম্পাদক মহিবুৰ ৰহমানে মন্ত্ৰী পীযুষ হাজৰিকাই এই অঞ্চল সমূহত উপস্থিত নোহোৱাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে গৰিহণা জনায়।

লগতে পঢ়ক: মুখ‍্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে মন্ত্ৰী ভৱেশ কলিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.