বিশ্বনাথ, 6 জুন : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ এইবাৰ বিশ্বনাথত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা (Murder case in Biswanath)। শুই থকা বিছনাতে নিজ খুৰাকে কুঠাৰেৰে নৃশংসভাৱে ঘপিয়াই হত্যা কৰিলে নিজ ভতিজাকক । এই ঘটনাৰ সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিৰ কদমনি গাঁৱত (Uncle killed nephew with axe)৷
ঘটনা অনুসৰি, মঙলবাৰে পুৱা বিশ্বনাথৰ কদমনি গাঁৱৰ মহেশ ঘাটোৱাৰ নামৰ যুৱকগৰাকীয়ে ঘৰৰ বিছনাত শুই আছিল। সেই সময়তে একে চৌহদতে থকা খুৰাক মন্টু ঘাটোৱাৰে মহেশে শুই থকা কোঠাটোত প্ৰৱেশ কৰি নৃশংসভাৱে কুঠাৰৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে যুৱকজনক (youth killed by his uncle)।
এই ঘটনা সংঘটিত কৰিয়েই খুৰাক মন্টু ঘাটোৱাৰে তেজ লাগি থকা কুঠাৰখন লৈ বিশ্বনাথ চাৰিআলি চহৰৰ ফালে খোজ কাঢ়ি গৈ থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি ঘৰলৈ খবৰ ল’বলৈ আহোঁতে মহেশক তেজেৰে লুটুৰি পুটুৰি হৈ থকা অৱস্থাত দেখা পাই হুৱা-দুৱা লগায় ৷
স্থানীয় লোকে লগে লগে বিশ্বনাথ চাৰিআলি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে বিগত দুমাহৰ পূৰ্বে মৃত মহেশ ঘাটোৱাৰৰ পিতৃৰ মৃত্যু হৈছিল। তাৰ পিচৰে পৰা মৃত মহেশে শ্ৰমিক হিচাপে কাম কৰাৰ লগতে বিশ্বনাথ কমাৰ্চ কলেজতো অধ্যয়ন কৰি আছিল। মৃত মহেশ ঘাটোৱাৰ বিশ্বনাথ কমাৰ্চ কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।
সোমবাৰে নিশা মহেশ ঘাটোৱাৰে মিস্ত্ৰীৰ যোগালী হিচাপে ছাদৰ ঢালাই কাম শেষ কৰি পুৱতি নিশা ঘৰলৈ উভতিছিল ৷ আনহাতে খুৰাকে কিহৰ বাবে এই হত্যা কাণ্ড সংঘটিত কৰিলে এই পৰ্যন্ত জানিব পৰা নাই ৷ যদিও মাটি-বাৰীৰ সম্পত্তিৰ লোভত এই ঘটনা সংঘটিত কৰে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। স্মৰ্তব্য যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত মহেশৰ মাতৃ আৰু ভগ্নী ঘৰত নাছিল । পুৱাই চাহ বাগিচাত কাম কৰিবলৈ মাক ভনীয়েক। সেই সময়তে ঘৰত কোনো নথকাৰ সময়তে ঘৰৰ ভিতৰত সোমাই খুৰাকে হত্যা কৰে ভতিজাকক।
ইফালে খুৰাক মণ্টুৰ মানসিকভাৱে অস্থিৰ বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ খুৰাকে কিছুদিনধৰি মানসিক ৰোগৰ ঔষধো সেৱন কৰি আছিল ৷
লগতে পঢ়ক: Gamblers Arrested in Udalguri: ওদালগুৰিত বন্দুক, বিলাসী বাহনসহ ৮ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ