ETV Bharat / state

বিশ্বনাথত কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি - 'কা' আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী আইনত পৰিণত হোৱাৰ এবছৰ সম্পূৰ্ণ ৷ এনএছইউআই গোটৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত 'কা' আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৷

tribute to five anti caa martyrs in biswanath
বিশ্বনাথত কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি
author img

By

Published : Dec 14, 2020, 7:29 AM IST

Updated : Dec 14, 2020, 9:11 AM IST

বিশ্বনাথ, 14 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিবাদৰ পাছতো বিধেয়কখন আইনত পৰিণত হোৱাৰ এবছৰ সম্পূৰ্ণ হ'ল ৷ ৰাজ্যজুৰি হোৱা এই আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা পাঁচ যুৱকক বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত এনএছইউআই গোটে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

tribute to five anti caa martyrs in biswanath
এনএছইউআই গোটৰ উদ্যোগত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, বিগত এটা বছৰে বিধেয়ক খনক আইনত পৰিণত কৰাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷ ৰাজ্যজুৰি হোৱা এই আন্দোলনতে পাঁচগৰাকী অসমীয়া যুৱক ক্ৰমে দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমে আৰক্ষীৰ গুলীত মৃত্যবৰণ কৰিছিল ৷

উক্ত ঘটনাৰ এবছৰ সম্পূৰ্ণ হোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ গুলীত নিহত পাঁচ যুৱকক 'কা' আন্দোলনৰ শ্বহীদ হিচাপে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথতো বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত এনএছইউআই গোটৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ সঞ্জু বৰুৱা , প্ৰদেশ কংগ্ৰেছৰ বিশ্বনাথৰ জিলা সভাপতি দিলীপ বৰুৱাকে কংগ্ৰেছৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: বিশ্বনাথত অসম জাতীয় পৰিষদৰ ৰণডংকা

Last Updated : Dec 14, 2020, 9:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.