ETV Bharat / state

সমাগত লোকসভা নিৰ্বাচনঃ তৎপৰ বিশ্বনাথ জিলা প্ৰশাসন - নিৰ্বাচনী বিষয়াৰ

আগন্তুক লোকসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন হোৱাৰ উদ্দেশ্যৰে অনুষ্ঠিত প্ৰশিক্ষণ

নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ
author img

By

Published : Mar 18, 2019, 12:34 PM IST

বিশ্বনাথ , ১৮ মাৰ্চ : দেশত ৭ টা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচন অসমৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো গ্ৰহণৰ দিশে আগবাঢ়িছে৷দেওবাৰে বিশ্বনাথ নিৰ্বাচনী জিলাৰ কৰ্মচাৰী কোষৰ জৰিয়তে বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাই।১৭ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ আগন্তুক ৭ এপ্ৰিললৈ পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব ৷ এই প্ৰশিক্ষণত ৪২৫ গৰাকীকৈ প্ৰিজাইডিং তথা প্ৰথম, দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াই অংশগ্ৰহণ কৰিব । আগন্তুক লোকসভা নিৰ্বাচন যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে সকলো বিষয়া-কমচাৰীক নিজৰ নিজৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়েও চমু আভাষ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে৷

ইয়াৰোপৰি ভোটদান প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে ই ভি এমত ব্যৱহাৰ হ’বলগা ভি ভি পেডৰ সন্দৰ্ভত তথা এই ক্ষেত্ৰত ল'ব লগা সজাগতাৰ বিষয়েও প্ৰশিক্ষণস্থলীত আলোচনা কৰা হয় ৷ । আনহাতে, নিৰ্বাচন উপলক্ষে নতুন প্ৰজন্মৰ ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মহকুমাটোৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেওবাৰে এখন কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ৰ কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে বিশ্বনাথ কৃষি মহাবিদ্যালয় আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ কুইজ দলে। বিজয়ী প্ৰতিযোগীসকলে আগন্তুক ২৪ মাৰ্চত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ উদ্যোগত গুৱাহাটীৰ আই আই টি চৌহদত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনবিষয়ক কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ।

Slug_A_Biswanath_DC_ office_ Votar_18m_801_803_Photo_scrpt_Srimanta

নিৰ্বাচনবিষয়ক কুইজ প্ৰতিযোগিতা সম্পন্ন

বিশ্বনাথত নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ

 সমাগত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বিশ্বনাথ জিলা প্ৰশাসন । আগন্তুক লোকসভা নিৰ্বাচন যাতে স্বচ্চ তথা নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা  সম্পূৰ্ণ কৰি তুলিছে বিশ্বনাথ জিলা প্ৰশাসনে । দেওবাৰে বিশ্বনাথ নিৰ্বাচনী জিলাৰ কৰ্মচাৰী কোষৰ জৰিয়তে বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী । এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাই। আগন্তুক লোকসভা নিৰ্বাচন যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে সকলো বিষয়া-কমচাৰীক নিজৰ নিজৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়েও চমু আভাষ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে । স্বচ্চ আৰু নিকা নিৰ্বাচনৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা ভি ভি পেট মেচিনৰ লগতে ই ভি এমৰ প্ৰয়োগ সৰ্ম্পকে তথা এই ক্ষেত্ৰত ল'ব লগা সজাগতাৰ বিষয়েও প্ৰশিক্ষণস্থলীত আলোচনা কৰা হয় । ১৭ মাৰ্চৰ পৰা অহা ৭ এপ্ৰিললৈ পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব লগা প্ৰশিক্ষণত ৪২৫ গৰাকীকৈ প্ৰিজাইডিং তথা প্ৰথম, দ্বিতীয় আৰু তৃতীয় প'লিং বিষয়াই অংশগ্ৰহণ কৰিব ।

আনহাতে, নিৰ্বাচন উপলক্ষে নতুন প্ৰজন্মৰ ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মহকুমাটোৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কালি এখনি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ৰ কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে বিশ্বনাথ কৃষি মহাবিদ্যালয় আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ কুইজ দলে। বিজয়ী প্ৰতিযোগীসকলে অহা ২৪ মাৰ্চত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ উদ্যোগত গুৱাহাটীৰ আই আই টি চৌহদত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনবিষয়ক কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.