ETV Bharat / state

ক'ৰণাৰ সুযোগ গ্ৰহণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি

author img

By

Published : Apr 24, 2021, 10:38 PM IST

আচৰিত ধৰণে বিশ্বনাথৰ একাংশ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ আজি বিশ্বনাথ কেইবাখনো পাইকাৰী দোকানত অভিযান চলাই জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷ অভিযান কালত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ নিৰ্দেশ জাৰি কৰে বিভাগটোৱে ৷

ক'ৰণা সুযোগ গ্ৰহণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে ব্যৱসায়ীয়ে

বিশ্বনাথ, ২৪ এপ্ৰিল : দেশৰ লগতে ৰাজ্যলৈ পুনৰ ক'ৰণা আতংক নামি অহাৰ লগে লগে পুনৰ আন এক সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ একাংশ অসাধু ব্যৱসায়ীয়ে । ৰাজ্যত ক'ৰণা সংক্ৰমণ ৰোধ কৰাৰ বাবে আৰক্ষী-প্ৰশাসনৰ বিষয়া সকল ব্যস্ত থকা সময়তে একাংশ অসাধু ব্যৱসায়ীয়ে অনিয়ন্ত্ৰিতভাৱে অত্যাৱশ্যকীয় খাদ্য সমগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ এক অভিযোগ উত্থাপন হৈছে বিশ্বনাথত ৷

স্থানীয় একাংশ সচেতন লোকে সদৰি কৰা মতে, বিশ্বনাথত এতিয়া অসাধু ব্যৱসায়ীয়ে সৰ্বসাধাৰণ ৰাইজৰ মুৰত মাধমাৰ সোধাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে ৷ যাৰ বাবে এতিয়া মহিলা সকলে পাকঘৰত ৰন্ধা বহা কৰোতে এশবাৰ ভাবিবলগীয়া হৈছে ৷

এনে পৰিপেক্ষিততে বিশ্বনাথ চহৰত খাদ্য আৰু অসামৰিক যোগান বিভাগে এক অভিযান চলায় । বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ শৰ্মাৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা দলে বিশ্বনাথ নগৰত থকা কেইবাখনো পাইকাৰী দোকানত অভিযান চলোৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷

লগতে পঢ়ক: ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.