ETV Bharat / state

ইটাখোলাত তিনি গৰাকী আক্ৰান্ত ক’ভিড-19 ত - চুজিত তচা,যতীন ভুয়া

নদুৱাৰৰ অন্তৰ্গত 1নং ইটাখোলাৰ তিনি গৰাকী লোকৰ দেহত ক’ভিড-19 ভাইৰাছ ৷ ইয়াকে লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিবেশৰ ৷ ক’ভিড আক্ৰান্ত ৰোগী তিনি গৰাকী ক্ৰমে চুজিত তচা,যতীন ভুয়া আৰু চপ্না তচা ৷

three new covid cases in etakhola etv bharat news
ইটাখোলাত তিনি গৰাকী আক্ৰান্ত ক’ভিড-19 ত
author img

By

Published : Apr 23, 2021, 11:03 PM IST

চতিয়া,২৩ এপ্ৰিল: নদুৱাৰৰ অন্তৰ্গত 1নং ইটাখোলাৰ তিনি গৰাকী লোকৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক আত‌ংকময় পৰিবেশৰ ৷ ইয়াৰে দুগৰাকী ক’ভিড আক্ৰান্ত ক্ৰমে চুজিত তচা(45) আৰু যতীন ভুয়া(42) ৷ ইয়াৰ উপৰিও ইটাখোলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যেগত শুকুৰবাৰে অঞ্চলটোৰ প্ৰায় 25গৰাকী লোকৰ RTPCR ৰ বাবে নমুনা সংগ্ৰহ কৰি তেজপুৰৰ টুমুকীস্থিত চিকিৎসা মহাবিদ্যালয়লৈ নমুনা সমুহ প্ৰেৰণ কৰিছিল ৷

ইটাখোলাত তিনি গৰাকী আক্ৰান্ত ক’ভিড-19 ত

ইয়াৰে চপ্না তচা নামৰ এগৰাকী তিনি মহীয়া গৰ্ভৱতী মহিলাৰ দেহত ক’ভিড-19 ভাইৰাছ থকা কথাটো স্পষ্টকৈ ধৰা পৰে ৷ এই ঘটনাৰ পাছত ইটাখোলা নতুন প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসাকৰ্মী সকলে তৎকালীনভাৱে 1নং ইটাখোলাত উপস্থিত হৈ RTPCR ৰ বাবে নমুনা সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক সজাগ সচেতন হৈ নিজৰ ঘৰৰ লগতে সমাজক এই মহামাৰী কৰ’ণাৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : গা ধুবলৈ গৈ মৃত্যুক সাৱটি ল’লে এজন কিশোৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.