ETV Bharat / state

ঘৰত কোনো নথকাৰ সুযোগ লৈ জামুগুৰিহাটত চোৰৰ চাফাই অভিযান - Thief took advantage of absence of owner

জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি সঘনাই সংঘটিত হৈ আহিছে চুৰি কাণ্ড (Theft Incident increasing in Jamugurihat)৷ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চুৰিৰ ঘটনাই অঞ্চলবাসীক নিৰাপত্তাহীনতাত ভুগাইছে ৷

Theft Incident increasing in Jamugurihat
ঘৰত কোনো নথকাৰ সুযোগ লৈ জামুগুৰিহাটত চলিছে চোৰৰ দপদপনি
author img

By

Published : Aug 30, 2022, 2:10 PM IST

চতিয়া,২৯আগষ্ট: জামুগুৰিহাটত বৃদ্ধি পাইছে চুৰিৰ ঘটনা(Theft Incident increasing in Jamugurihat) ৷ জানিব পৰা মতে চেঁচাসত্ৰ গাঁৱৰ পূৰ্ণ জ্যোতি গোস্বামীৰ বাসগৃহত ৰবিবাৰৰ নিশা সংঘটিত হয় চুৰি কাণ্ড । চেঁচাসত্ৰ গাঁৱৰ পূৰ্ণ জ্যোতি গোস্বামীৰ কন্যাই পৰিয়ালৰ সৈতে অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে তেজপুৰলৈ যায়(Assam Government recruitment) ৷ সেই সুযোগ গ্ৰহণ কৰি চোৰে গোস্বামীৰ গৃহত চলায় লুটপাত ।

আজি পুৱা গাৱঁৰ মানুহে জোতি গোস্বামীৰ ঘৰৰ দুৱাৰ খোলা প্ৰত্যক্ষ কৰি গোস্বামীক ফোনেৰে অৱগত কৰে । অপ্ৰত্যাশিত ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে গোস্বামীৰ পৰিয়ালটো নিজ গৃহত আহি উপস্থিত হয় আৰু জামুগুৰিহাট আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে । গোস্বামীৰ ঘৰত থকা দুটাকৈ গডৰেজৰ লকাৰ ভঙাৰ লগতে চোৰে প্ৰায় ২টোলা সোণৰ গহনা, কাঁহৰ কাঁহী-বাটি, কাঁহৰ বৃহৎ বটা আৰু নগদ ধন লৈ যায় ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ জামুগুৰিহাটত চলিছে চোৰৰ দপদপনি

আনপিনে, জামুগুৰিহাটৰ কুসুমটোলাৰ অৱসৰী অধ্যাপক অৰুণ শৰ্মাৰ জীয়ৰীৰ পৰীক্ষাৰ বাবে ঘৰৰ সকলো জীয়ৰীৰ সৈতে ঢেকীয়াজুলিলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি অৱসৰী অধ্যাপকগৰাকীৰ বাসগৃহত দিনতে চোৰে চলায় লুটপাত । অৱসৰী অধ্যাপকগৰাকীৰ বাসগৃহৰ পৰা ৬৫ হাজাৰ টকা আৰু সোণৰ আ-অলংকাৰ লৈ উধাও হয় চোৰ ৷

জামুগুৰিহাটৰ নিকটৱৰ্তী বিভিন্ন স্থানত ক্ৰমাগতভাৱে বৃদ্ধি হৈ অহা চুৰি কাণ্ড সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ আৰক্ষীৰ দুৰ্বলতা তথা নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চুৰি কাৰ্য সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে(Weakness of Assam police administration) ৷

লগতে পঢ়ক: ৰঙিয়া থানাৰ সমীপতে সংঘটিত হ’ল চুৰি কাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.