বিশ্বনাথ,23 মে': বিশ্বনাথৰ মাজেৰে যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাই দুৰ্ভোগ ভূগাইছে জিলাবাসীক ৷ কিয়নো এজাক বৰষুণ আহিলেই ৰাষ্ট্ৰীয় ঘাইপথ ৰূপান্তৰ হয় পুখুৰী সদৃশ গাঁতলৈ ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনীয়াৰিঙে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ চাৰিলাইনযুক্ত পথৰ নিৰ্মাণৰ কাম হাতত লৈ 6 বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিছিল যদিও আজিও সম্পূৰ্ণ নহ'ল পথটোৰ কাম ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে পথচাৰী ৷
বিশ্বনাথৰ বিহালী সমষ্টিৰ অধীনত থকা পথচোৱাৰ ৰতোৱা মাদুৱালিত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈ বহুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । বিভিন্ন সময়ত জিলাখনৰ দল-সংগঠনে পথটো মেৰামতি কৰিবলৈ পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনীয়াৰিঙক বহুবাৰ আহ্বান জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক: আজি অসম পাবহি অক্সিজেন কঢ়িওৱা বিশেষ ৰে’ল