বিশ্বনাথ,১৬ মাৰ্চ: এইবাৰ বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী আছিল প্ৰেমলাল গঞ্জু । কিন্তু বিহালীৰ যুৱ নেতা প্ৰেমলাল গঞ্জুক কংগ্ৰেছ দলে দলীয় টিকটৰ পৰা বঞ্চিত কৰি বিহালীত মহাজোঁটৰ চিপিআইএমএলৰ বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাত এতিয়া বিহালী সমষ্টিৰ মূল নিবাৰ্চনী যুঁজখন হ'ব বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু মিত্ৰজোঁটৰ চিপিআইএমএলৰ প্ৰাৰ্থী বিবেক দাসৰ মাজত ।
ইফালে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাই সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল যদিও দলে কোনো গুৰুত্ব নিদিলে । কিয়নো বিহালী মণ্ডল কমিটিয়ে স্পষ্ট কৰি কৈছিল জয়ন্ত বৰা বিজেপিৰ কোনো সক্ৰিয় কৰ্মী নাছিল ৷ তেওঁ হে বিজেপিৰ সক্ৰিয় কৰ্মী বুলি প্ৰচাৰ কৰি বিহালীৰ বিজেপি কৰ্মীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছিল । আনহাতে আজি বিহালী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দলীয় প্ৰাৰ্থীক তীব্ৰ সমালোচনা কৰা দেখা যায় ৷
লগতে পঢ়কঃ অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ