বিশ্বনাথ, 29 জানুৱাৰী: বৃহস্পতিবাৰে বিশ্বনাথৰ উত্তৰ চাৰিআলিৰ সন্মিলিত মঞ্চৰ সৌজন্যত বিশ্বনাথ চাৰিআলি জাতীয় বিদ্যালয়ৰ প্ৰাংগণত বিধায়কৰ আনটাইড পুঁজিৰ অধীনত সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ উত্তৰ চাৰিআলিৰ ৰে'লগেট ষ্টেচনৰ সমীপত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হয় ৷
সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী অকন শইকীয়া,জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰ হাজৰিকা,লেহুগাঁও গাঁওপঞ্চায়তৰ সভানেত্ৰী প্ৰিয়ংকা হাজৰিকাকে প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি ৷ সাংবাদিক তথা সন্মিলিত মঞ্চৰ সম্পাদক বসন্ত বৰাই আঁতধৰা অনুষ্ঠানটোত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে সমাজকৰ্মী অকন শইকীয়াই ৷
লগতে পঢ়ক : কংগ্ৰেছৰ মহাজোঁটে বিহালীত একো প্ৰভাৱ নেপেলায়: মন্ত্ৰী ৰঞ্জিত দত্ত