ETV Bharat / state

লক ডাউনৰ ফলত ক্ৰীড়াক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছেঃহৃদয়ানন্দ দাস

author img

By

Published : May 16, 2020, 8:09 PM IST

Updated : May 17, 2020, 12:49 PM IST

লক ডাউনৰ ফলত দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰাৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো পৰিছে ব্যাপক প্ৰভাৱ ৷ ক্ৰীড়া ক্ষেত্ৰখন স্তব্ধ হ'বলৈ নিদি অনলাইনৰ জৰিয়তে দিলে টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ,অনুষ্ঠিত কৰিলে টাইকোৱাণ্ডো প্ৰতিযোগিতাও ৷

Special interview with assam Taekwondo Organizational Secretary
লক ডাউনৰ ফলত ক্ৰীড়াক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছেঃহৃদয়ানন্দ দাস

বিশ্বনাথ,16 মে'ঃদেশত অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লক ডাউন ৷ লক ডাউনৰ ফলত দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰাৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো পৰিছে ব্যাপক প্ৰভাৱ ৷ শনিবাৰে ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হৃদয়ানন্দ দাসে মন্তব্য প্ৰকাশ কৰি কয় যে লকডাউনৰ ফলত বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত খনত যথেষ্ট পৰিমাণে ক্ষয়-ক্ষতি হৈছে ৷ৰাজ্য চৰকাৰে লক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা কৰিছে যদিও ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ তুলি ই টিভি ভাৰতৰ জৰিয়তে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীয়ে ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে কিছু শিথিলতা আনিবলৈ চৰকাৰক আহ্বান জনায় ৷

আনহাতে, লক ডাউনৰ সময়ছোৱাত ক্ৰীড়া ক্ষেত্ৰখন স্তব্ধ হ'বলৈ নিদি অনলাইনৰ জৰিয়তে টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ দিয়াৰ লগতে অনলাইনতে টাইকোৱাণ্ডো খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে হৃদয়ানন্দ দাসে ৷ ইপিনে টাইকোৱাণ্ডো খেলৰ অনুশীলনৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখিয়েই অনুশীলন কৰাৰ কথাও উল্লেখ কৰে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃ

উত্তৰ প্ৰদেশত ট্ৰাক দুৰ্ঘটনা,24 গৰাকী শ্ৰমিক নিহত আৰু আহত 36

Last Updated : May 17, 2020, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.