ETV Bharat / state

Police officer caught taking bribe: উৎকোচ লৈ চাকৰি পৰা খেদা খালে আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰ

অসম আৰক্ষীত অব্যাহত আছে দুৰ্নীতি কাৰ্যত লিপ্ত থকা আৰক্ষীৰ বিৰুদ্ধে চাফাই অভিযান । এইবাৰ ভুক্তভোগী মহিলাৰ পৰা ধনদাবী কৰাৰ অভিযোগত চাকৰিৰ পৰা খেদা খালে আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰই ৷

author img

By

Published : Jul 10, 2023, 9:36 AM IST

Police officer caught taking bribe
উৎকোচ লৈ চাকৰি পৰা খেদা খালে আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰ

বিশ্বনাথ ১০ জুলাই: ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ পিচত পুনৰ অসম আৰক্ষীক কলংকিত কৰিলে আন এজন আৰক্ষী বিষয়াই ৷ উৎকোচ লৈ চাকৰিৰ পৰা বৰ্খাস্ত হ’ল আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰৰ ৷ আৰক্ষী প্ৰধান সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে ঘোষণা কৰে এই কথা । গোচৰ মীমাংসাৰ বাবে এগৰাকী ভুক্তভোগী মহিলাৰ পৰা ধনদাবী কৰাৰ অভিযোগ আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ৷

  • SI (UB) Dhiraj Jyoti Namasudra, of Biswanath DEF, who was arrested by @DIR_VAC_ASSAM while accepting bribe on 08/12/2022 at Gohpur in connection with ACB PS Case No- 56/2022 U/S- 120 (B) IPC R/W Sec 7 (a) of PC Act 1988(As amended in 2018) has been awarded the major punishment-… https://t.co/xzgttSnHO8

    — GP Singh (@gpsinghips) July 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, কেইদিনমান পূৰ্বে অসম আৰক্ষীৰ প্ৰধান সঞ্চালক জি পি সিঙে জিলা আৰক্ষী বিষয়া লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল । কোনো আৰক্ষী বিষয়া যদি আইন বিৰোধী বা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত হোৱা উপযুক্ত প্ৰমাণ লাভ কৰে, শীঘ্ৰে সেই আৰক্ষী বিষয়াগৰাকী চাকৰি পৰা বৰ্খাস্ত হ'ব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ।

আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰক ২০২২ চনৰ ৮ ডিচেম্বৰত গহপুৰ মহকুমা আৰক্ষী থানাত কৰ্মৰত অৱস্থাত এগৰাকী ভুক্তভোগী মহিলাৰ পৰা এক গোচৰ সন্দৰ্ভত ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ নমঃশূদ্ৰই মহিলাগৰাকীৰ পৰা গোচৰ মীমাংসা কৰি দিয়া নামত এক লাখ টকাৰ দাবী কৰিছিল ৷ সেই অনুসৰি ভুক্তভোগী মহিলাগৰাকীয়ে এক লাখ টকাৰ ভিতৰত আগধন হিচাপে ২০ হাজাৰ টকা দিওঁতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাত হাতত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰলৈ গৈছিল আৰক্ষী বিষয়াগৰাকী ।

কেইবামাহৰ পাচত জেলত পৰা আহি পুনৰ বিশ্বনাথ চাৰিআলিত চাকৰি যোগদান কৰে আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্র । ইফালে দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ থকা ACB PS Case NO 56/2022U/S-120 (B)IPS R/W sec 7 গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছিল । সেই অনুসৰি বিশ্বনাথত কৰ্মৰত হৈ থকা অৱস্থাত দেওবাৰে তেওঁক উক্ত ঘটনাৰ সন্দৰ্ভত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷

লগতে পঢ়ক: SI Detained by Anti Corruption Team: দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.