ETV Bharat / state

ৰাজীৱ পৰাশৰৰ গাড়ীত উদ্ধাৰ হোৱা কাৰপাছক লৈ বিধায়কৰ প্ৰতিক্ৰিয়া - পঞ্চায়ত

P&RD চাকৰিৰ কেলেংকাৰীৰ নায়ক ৰাজীৱ পৰাশৰৰ গাড়ীত উদ্ধাৰ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে দিয়া কাৰপাছ ৷ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ৷

প্ৰতিক্ৰিয়া বিধায়ক প্ৰমোদ বৰঠাকুৰৰ
প্ৰতিক্ৰিয়া বিধায়ক প্ৰমোদ বৰঠাকুৰৰ
author img

By

Published : Oct 18, 2020, 6:25 PM IST

বিশ্বনাথ, 18 অক্টোবৰ : ৰাজ্যৰ কোটি কোটি শিক্ষিত নিবনুৱাৰ আশাত চেচা পানী ঢালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰিৰ বজাৰ মেলা চতিয়া বিধান সভা সমষ্টিৰ জামুগুৰীহাটৰ বিজেপি নেতা ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজীৱৰ স্কৰপীঅ' গাড়ীত উদ্ধাৰ হৈছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিধানসভাৰ কাৰপাছ ।

বিভিন্ন সামাজিক মাধ্যমত এই বিষয়টোয়ে বিশেষ চৰ্চা লাভ কৰিছে; কেলেংকাৰীৰ নায়ক ৰাজীৱ পৰাশৰৰ লগত বিশ্বনাথৰ বিধায়কৰ সম্পৰ্ক কি ? বিজেপিৰ বিধায়কৰ ঘৰলৈ আহে নেকি ৰাজীৱ পৰাশৰ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ।

বিধায়ক গৰাকীৰ মতে; ৰাজীৱ পৰাশৰৰ লগত তেওঁৰ ব্যক্তিগত কোনো ধৰণৰ সম্পৰ্ক নাই । 2017 চনত তেওঁৰ ওচৰলৈ আহিছিল; তেতিয়াৰ পৰাই তেওঁৰ চিনাকী ৷ দলীয় সভা সমিতিত প্ৰায় ৰাজীৱক লগ পাই আছিল আৰু সেই সময়ত তেওঁৰ পৰা জনতা ভৱনলৈ বিশেষ কামত যাবৰ বাবেই কাৰপাছ খন দিছিলে‌ । লগতে বিধায়ক গৰাকীয়ে কয়; সেই সময়ত ৰাজীৱ দলৰ দায়িত্বত আছিল ৷ সকলো নথি পত্ৰ ঠিক থাকিলে এজন ব্যক্তিক জিলা উপায়ুক্তই বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়ে আৰু ব্যক্তিজনে সেই বন্দুকৰে বেয়া কাম কৰিলে উপায়ুক্তজন কেনেকৈ দোষী হ'ব বুলি প্ৰশ্ন কৰে । আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিব তেতিয়া সকলো তথ্য পোহৰলৈ আহিব বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য় কৰে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.