ETV Bharat / state

চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰোধিতা ৰিপুন বৰাৰ

author img

By

Published : Jul 2, 2020, 3:10 PM IST

অসমত বিজেপি চৰকাৰে তিনিটা শ্ল'গান লৈ চৰকাৰ গঠন কৰিছিল জাতি,মাটি, ভেটি কিন্তু আজি সেই চৰকাৰে অসমীয়া জাতি মাটি ভেটি বিক্ৰী কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰি উদ্যোগ নীতি প্ৰস্তুত কৰিছে বুলি সংবাদ মেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ ইয়াৰোপৰি সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ চৰকাৰৰ ভূমি নীতি বাহাল ৰখাৰ দাবী জনাই ৰিপুন বৰাই ৷

Ripun bora
ৰিপুন বৰা

বিশ্বনাথ, ২ জুলাইঃ অসমৰ কৃষি ভূমিত সহজে উদ্যোগ স্থাপন কৰিব পাৰি বুলি কেবিনেটত লোৱা সিদ্ধান্তত জাঙুৰ খাই উঠিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী সভাপতি ৰিপুন বৰা । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নিজ বাসগৃহত এখনি সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰে অসমৰ কৃষি ভূমিত প্ৰথম তিনিটা বছৰ কোনো চৰকাৰী অনুজ্ঞাপত্ৰ পত্ৰ নোলোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব বুলি কেবিনেটত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।

ৰিপুন বৰা

অসমত বিজেপি চৰকাৰে জাতি,মাটি, ভেটিৰ তিনিটা শ্ল'গান লৈ চৰকাৰ গঠন কৰিছিল কিন্তু আজি সেই চৰকাৰে অসমীয়া জাতি মাটি ভেটি বিক্ৰী কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰি উদ্যোগ নীতি প্ৰস্তুত কৰিছে বুলি সংবাদ মেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ ইয়াৰোপৰি সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ চৰকাৰৰ ভূমি নীতি বাহাল ৰখাৰ দাবী জনাই ৰিপুন বৰাই ৷

লগতে পঢ়কঃ ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰ পৰিষ্কাৰ কৰিলে এটা বিভাগে

উল্লেখ্য যে, কেবিনেটত অসমৰ কৃষি ভূমিক লৈ লোৱা সিদ্ধান্ত শীঘ্ৰে যদি বাতিল নকৰে তেন্তে কংগ্ৰেছ দল ৰাজপথলৈ আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি অৱগত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে ৷

ইফালে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গাড়ী চালাকৰ দেহত কভিড-১৯ ৰ উপস্থিতি পোৱাৰ পাছতো ৰঞ্জিত দাসক বৰ্তমানলৈকে কোৱাৰেন্টাইন নকৰাক লৈ প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰে কোৱাৰেন্টাইনৰ দাবী জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.