বিশ্বনাথ, 6 মে’: ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে চোৰাং চিকাৰী । গঁড় নিধন কৰি গঁড়ৰৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকা এচাম চিকাৰী এতিয়া নামি পৰিছে অস্ত্ৰৰ চোৰাং বেহাত । শেহতীয়াকৈ , বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু গহপুৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী দল এটাই বুধবাৰে পুৱতি নিশা আটক কৰে দুই চোৰাং চিকাৰীক । আটক কৰা চিকাৰী দুজন ক্ৰমে ৰঞ্জিত চাৰহ আৰু ৰাজু কুটুম ।
ইফালে বুধবাৰে দিনটো দুই চোৰাং চিকাৰীক সোধপোছ কৰাৰ অন্তত চিকাৰীদ্বয়ে লুকুৱাই থোৱা অৱস্থাত ৫ জাই AK47ৰ সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে । কৰায়ত্ব হোৱা চোৰাং চিকাৰী দুজনৰ ঘৰ গহপুৰৰ ধৰ্মপুৰ আৰু ১নং চকলাত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, বহু কেইটা গঁড় হত্যাৰ লগত জড়িত দুই অপৰাধীয়ে আৰক্ষীৰ জেৰাত এই কথা ব্যক্ত কৰিছে ৷ আনহাতে, গঁড় চিকাৰৰ লগত জড়িত থকাৰ লগতে অস্ত্ৰ সৰবৰাহ ভয়ংকৰ তথ্যও দাঙি ধৰিছে ।
চলিত বৰ্ষৰ ২৩ এপ্ৰিলত বোকাখাটতত উদ্ধাৰ হোৱা AK 47টো সৰবৰাহৰ লগত জড়িত আছিল আটকাধীন এই দুই চিকাৰী । প্ৰাপ্ত তথ্য অনুসৰি, ৰঞ্জিত আৰু ৰাজুৱে অৰুনাচলত অস্ত্ৰ লুকুৱাই ৰাখি গঁড় নিধন কৰাৰ লগতে অস্ত্ৰ সৰহৰাহতো দীৰ্ঘ সময় ধৰি জড়িত হৈ আহিছে ৷