ETV Bharat / state

বন্যহস্তীৰ দ্বাৰা ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

author img

By

Published : Oct 26, 2019, 6:55 PM IST

বিশ্বনাথৰ বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ 17 টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড বন্যহস্তীৰ ৷ ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান মন্ত্ৰী ৰঞ্জিৎ দত্তৰ ৷

বন্যহস্তীৰ দ্বাৰা ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

বিহালী, 26 অক্টোবৰ: বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিহালী বনাঞ্চল পৰা দৈনিক ওলাই অহা বন্যহস্তীৰ সন্ত্ৰাসত এতিয়া ভীতিগ্ৰস্ত দাতিকাষৰীয়া অঞ্চলৰ লোক । বিগত কেইটামান দিন ধৰি এটা বন্যহস্তীৰ দলে বিহালী বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি 15 টাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে তহিলং কৰিছে খেতিপথাৰ। ইফালে বন বিভাগে এই বন্যহস্তীৰ দলটোক খেদিবলৈ অহৰহ চেষ্টা কৰি আছে যদিও হাতী দলটোক খেদিবলৈ সক্ষম হোৱা নাই। যোৱা এসপ্তাহ ধৰি অঞ্চলটোত এটা দঁতাল হাতীয়ে সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ ৷

বিহালীত বন্যহস্তীৰ তাণ্ডৱ
বিহালীত বন্যহস্তীৰ তাণ্ডৱ

বৃহস্পতিবাৰে সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই সমষ্টিত প্ৰৱেশ কৰি দুৰ্ভগীয়া পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত 17 টাকৈ পৰিয়ালক ব্যক্তিগতভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে ৷ লগতে দলীয় কৰ্মী সকলকো ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক সহায় সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে চৰকাৰী যি সা-সুবিধা আছে সেই সমূহ পোৱা ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায় ।

ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদান
ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদান

দুৰ্ভগীয়া পৰিয়াল সমূহ ক্ৰমে হৈছে,ধনমায়া ভুজেল,বাবলু ঔৰাং,দিপক চুৰিনহ,সমিৰ লহাৰ,বিভাচ মাহাল,হিমা দত্ত,কুমাৰ পাংমি,অশোক পাংমি, ভিমবাবাদুৰ পাংমি,ৰঞ্জিৎ মাগাৰ,সবিতা পাংমি,মনমোহন দাস,চুকৰোম মুণ্ডা,কেশৱ মুণ্ডা,দবন্তি দেৱী,ক্ষমাদেৱী পাঠক,লক্ষীমনি মুণ্ডা

এই সাহায্য বিতৰণৰ সময়ত মন্ত্ৰী গৰাকীৰ সৈতে থাকে বিহালীৰ বিজেপি মণ্ডল কমিটিৰ সভাপতি ৰঞ্জন জ্যোতি দাস,নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা শৰ্মা ঢাকাল,বিহালী খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাজনো পঞ্চায়ত প্ৰতিনিধি ।

বিশ্বনাথৰ বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ

Intro:as_biswanath_801_26_oct_elephant_photo_scrpt_as10018Body:as_biswanath_801_26_oct_elephant_photo_scrpt_as10018Conclusion:Ac
বিশ্বনাথৰ বিহালীত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ, ১৭টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড,
ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান মন্ত্ৰী ৰণজিৎ দত্ত

vo_1_
বিশ্বনাথৰ
বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।বিহালী বনাঞ্চল পৰা দৈনিক উলাই অহা বন্যহস্তীৰ সন্থাসত সংকটি দাতিকাষৰী অঞ্চলৰ লোক ।
যোৱা কেইবাদিন ধৰি এটা বন্যহস্তীৰ দলে বিহালী বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি ১৫ টাকৈ বাহগৃহ ভাঙি লণ্ড কৰে ।
ইফালে বন বিভাগে এই বন্যহস্তীৰ দলটোক খেদিবলৈ অহৰহ চেষ্টা কৰি আছে যদিও হাতী দলটোক খেদিবলৈ সক্ষম হোৱা নাই ।
যোৱা এসপ্তাহ ধৰি এটা দতাল হাতীয়ে বিশেষকৈ একাংশ অঞ্চলত প্ৰৱেশ কৰি লক্ষ্য কৰি লৈছে
পাকঘৰ সমুহ ।
আৰু সেই পাঘৰ সমুহ নিমখ বিচাৰি বিচাৰিয়ে এফালৰ পৰা গৃহ সমুহ ভাঙি যোৱা দেখা গৈছে । আনহাতে বৃস্হপতিবাৰে সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্তই সমষ্টিত প্ৰৱেশ কৰি দুভগীয়া পৰিয়াল সমুহৰ খবৰ লোৱা লগতে
দলীয় কৰ্মীক সকলক দুভগীয়া পৰিয়াল সমুহ গৃত উপস্থিত হৈ সহায় সহযোগিতা কৰিবলৈ নিদেশ দিয়া লগতে চৰকাৰী যি সা সুবিধা সেই সমুহ পোৱা ক্ষেত্ৰত সহায় কৰিবৰ লৈ দলীয় কৰৃমীক আহ্বান জনাই ।
আনহাতে মন্ত্ৰী গৰাকীয়ে শনিবাৰে এই ক্ষতিগ্ৰস্ত ১৭ টাকৈ পৰিয়ালৰ ব্যক্তিগত ভাৱে আৰ্থিক সাহাৰ্য বিতৰণ কৰে ।
সাহাৰ্য বিতৰণ কৰা দুভগীয়া পৰিয়াল সমুহ ক্ৰমে ,ধনমায়া ভুজেল,বাবলু ঔৰাং,দিপক চুৰিনহ,সমিৰ লহাৰ,বিভাচ মাহাল,হিমা দত্ত,কুমাৰ পাংমি,অশোক পাংমি,ভিমবাবাদুৰ পাংমি,ৰণজিৎ মাগাৰ,সবিতা পাংমি,মনমোহন দাস,চুকৰোম মুণ্ডা,কেশৱ মুণ্ডা,দবন্তি দেৱী,ক্ষমাদেৱী পাঠক,লক্ষীমনি মুণ্ডা ।
এই সাহাৰ্য বিতৰণ ক্ষেত্ৰত মন্ত্ৰী গৰাকীক সংগ দিয়ে বিহালী বিজেপি মণ্ডল কমিটি সভাপতি ৰন্জন জ্যোতি দাস, নিজ বিহালী জিলা পৰিষদ সদস্যা দীপিকা শৰ্মা ঢাকাল, বিহালী খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাজনো পঞ্চায়ত প্ৰতিনিধিয়ে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.