বিশ্বনাথ, ১৭ মে’: বিশ্বনাথ আৰু বিহালীত পাৱাৰগ্ৰীড কৰ্প'ৰেচনৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈছে (Public anger against Power Grid Corporation)। দৰিদ্ৰ লোকৰ ওপৰত পাৱাৰগ্ৰীড কৰ্প'ৰেচনে মাধমাৰ শোধোৱা বাবেই ৰাইজৰ মাজত এই ক্ষোভৰ সৃষ্টি হৈছে । আজি বহু দিনৰ পৰা বিশ্বনাথ তথা বিহালীৰ বিভিন্ন অঞ্চলত পাৱাৰ গ্ৰীড কৰ্প'ৰেচনে ৱেৰিঙৰ কাম অব্যাহত ৰাখিছে (Public protest in Bihali)। এই ৱেৰিঙৰ কামৰ বাবে অধিগ্ৰহণ কৰিছে বহু লোকৰ ভূমি । এই ভূমি অধিগ্ৰহণ কৰা লোকক পাৱাৰগ্ৰীড কৰ্প'ৰেচনে অধিগ্ৰহণ কৰাৰ বাবদ ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ পিছতেহে উক্ত ভূমিত কাম চলাব লাগে যদিও সেয়া হৈ নুঠিল ।
কৃষিজীৱী লোকক খেতিপথাৰ তথা বহু দৰিদ্ৰ লোকৰ ভেটি মাটি অধিগ্ৰহণ কৰিছে যদিও পাৱাৰগ্ৰীড কৰ্তৃপক্ষই সেইসকল লোকক প্ৰদান নকৰিলে ক্ষতিপূৰণ । কিছু সংখ্যক লোকক ক্ষতিপূৰণ দিছে যদিও উপায়ুক্ত পৰিমাণৰ নহয় বুলি স্থানীয় ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে মঙলবাৰে বিয়লি স্থানীয় ভুক্তভোগী লোকসকলে কাম কৰাত বাধা প্ৰদান কৰে যদিও কোনো গুৰুত্ব নিদি মইমতালিৰে কাম কৰে । স্থানীয় থকাত বুধবাৰে বিহালী সমষ্টিৰ মোনাবাৰী বস্তিৰ স্থানীয় একাং ভুক্তভোগী লোক ওলাই আহি এইদৰে ক্ষুব্ধ হৈ পাৱাৰ গ্ৰীড কৰ্প'ৰেচনৰ বিৰুদ্ধে জাঙুৰ খাই উঠে (Public stop work of Power Grid)।
বিহালী সমষ্টিৰ মোনাবাৰি বস্তিত এইদৰে পাৱাৰ গ্ৰীড কৰ্প'ৰেচনে ৱেৰিঙৰ নিৰ্মাণৰ কাম কৰিবলৈ লওতেই কাম বন্ধ কৰি প্ৰতিবাদ জনোৱাৰ লগতে স্থানীয় ৰাইজে বিষয়টো স্থানীয় বিধায়ক ৰঞ্জিত দত্তক অৱগত কৰা বুলি প্ৰকাশ কয় । স্থানীয় ৰাইজে উক্ত স্থানতে পাৱাৰ গ্ৰীড কৰ্প'ৰেচৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে তেওঁলোকক উপযুক্ত পৰিমানৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায় । পাৱাৰ গ্ৰীড কৰ্প'ৰেচনে তেওঁলোকক ক্ষতিপূৰণ নিদিয়ালৈকে উক্ত নিৰ্মাণৰ কাম কৰিবলৈ নিদিয়ে বুলি সকীয়াই দিয়ে ।