ETV Bharat / state

চৰকাৰী সাহায্যৰ বাবে আশাবাদী শয্যাগত ক্ৰীড়াপ্ৰেমী বসন্ত শৰ্মা - ফুটবল আৰু ভলীবল প্ৰবীন খেলুৱৈ বসন্ত শৰ্মা

ক্ৰীড়াপ্ৰেমী বসন্ত শৰ্মা ৷ ক্ৰীড়াপ্ৰেমী লোকৰ হৃদয় জিনা এগৰাকী প্ৰতিভাবান খেলুৱৈ ৷ অতি দুৰ্দান্ত,দক্ষ আৰু নিপুন খেলুৱৈগৰাকী আছিল ভলীবল আৰু ফুটবল উভয় ক্ৰীড়াঙ্গনতে পাকৈত ৷ 2014 চনতেই পেৰালাইচিছ হৈ পৰা খেলুৱৈজন বৰ্তমান শয্যাগত ৷

paralyzed sports person deprived of government assistance and pension
চৰকাৰী সাহায্যৰ বাবে আশাবাদী শয্যাগত ক্ৰীড়াপ্ৰেমী বসন্ত শৰ্মা
author img

By

Published : Sep 7, 2020, 6:10 PM IST

চতিয়া, 7 চেপ্তেম্বৰ : সাধনাৰ প্ৰতি খোজতেই প্ৰতিভাৰ যাদু সানি আগুৱাই গৈছিল তেওঁ ৷ তেওঁ হৈছে বসন্ত শৰ্মা ৷ ক্ৰীড়াপ্ৰেমী লোকৰ হৃদয় জিনা এগৰাকী প্ৰতিভাবান খেলুৱৈ ৷ অতি দুৰ্দান্ত,দক্ষ আৰু নিপুন খেলুৱৈগৰাকী আছিল ভলীবল আৰু ফুটবল উভয় ক্ৰীড়াঙ্গনতে পাকৈত ৷ 2014 চনতেই পেৰালাইচিছ হৈ পৰা খেলুৱৈজন বৰ্তমান শয্যাগত যদিও এতিয়াও খেলিবলৈ আপ্ৰাণ হেপাঁহ তেওঁৰ ৷ কেৱল জিলা বা ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগিতাতেই নহয় বৰঞ্চ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো জিলা তথা ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী খেলুৱৈয়ে ৷

বিগত প্ৰায় 7 বছৰে উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ কেৱল বিচনাখনকে সংগী হিচাপে লৈ অতিবাহিত কৰিছে এটাৰ পিছত আনটো দিন৷ জামুগুৰিহাটৰ গেৰেকীচুক গাঁৱৰ এইগৰাকী খেলুৱৈ বসন্ত শৰ্মাই ফুটবলৰ সমান্তৰালকৈ ভলীবলৰ জগততো জনপ্ৰিয় হৈ পৰিছিল ৷ এসময়ত ফুটবলৰ ৰেফাৰীৰ প্ৰশিক্ষণো গ্ৰহণ কৰা শৰ্মাই জীৱনৰ অধিকাংশ সময় ভলীবল আৰু ফুটবল খেলতেই নিজকে উৎচৰ্গা কৰিছিল ৷

চৰকাৰী সাহায্যৰ বাবে আশাবাদী শয্যাগত ক্ৰীড়াপ্ৰেমী বসন্ত শৰ্মা

কিন্তু দুৰ্ভাগ্যবশত শাৰীৰিক অসুস্থতাৰ বাবে চিন্তিত হৈ পৰিছে শৰ্মাৰ পৰিয়ালবৰ্গ তথা শুভাকাংক্ষীসকল ৷ বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বসন্ত শৰ্মাক নিজ বাসগৃহতেই সম্বৰ্ধনা জ্ঞাপন কৰে যদিও প্ৰবীন খেলুৱৈগৰাকীৰ প্ৰতি চৰকাৰৰ ভুমিকাক লৈ প্ৰশ্ন উত্থাপন বিভিন্নজনে ৷ এতিয়াও খেলৰ নাম ল'লেই উৎফুল্লিত হোৱা প্ৰবীন খেলুৱৈগৰাকীৰ প্ৰতি সংশ্নিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ হ’বনে সেয়াহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : ঘোষণা কৰা হ’ল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ কাৰ্যক্ৰমণিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.