ETV Bharat / state

তেজপুৰ দখলৰ বাবে বদ্ধপৰিকৰ পল্লৱলোচন দাস

author img

By

Published : Mar 24, 2019, 7:08 PM IST

Updated : Mar 24, 2019, 7:17 PM IST

অসমীয়াৰ আৱেগক প্ৰতিনিধিত্ব কৰিবলৈ তেজপুৰত ভানু কোনোমতেই যোগ্য প্ৰাৰ্থী নহয় : পল্লৱলোচন দাস

etv bharat

নিউজ ডেস্ক, 24 মাৰ্চ : বহুপ্ৰত্যাশিত তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব পল্লৱলোচন দাসে ৷ তেজপুৰৰ উপায়ুক্ত কাৰ্যালয়ত সোমাবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসে ৷ মনোনয়ন দাখিলৰ পাচতে সোমবাৰৰ পৰা তেজপুৰত আৰম্ভ হ'ব বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ৷

দেওবাৰে গুপ্তকাশী বিশ্বনাথ ধামত বাবা বিশ্বনাথৰ আশীৰ্বাদ লৈ বিৰোধীক দমনৰ বাবে আগবাঢ়িছে তেজপুৰৰ বিজেপিৰ সাংসদীয় প্ৰাৰ্থী পল্লৱলোচন দাস ৷ বহিৰাগত প্ৰাৰ্থী এম জি ভি কে ভানুক তেজপুৰৰ হৈ কংগ্ৰেছে নিৰ্বাচনত থিয় কৰোৱাতো দলটোৰ বাবে এক মাৰাত্মক ভুলত পৰিণত হ'ব বুলি প্ৰকাশ কৰে দাসে ৷ তেজপুৰত ভেটি নাইকিয়া হোৱা কংগ্ৰেছে কেৱল প্ৰাৰ্থী বিচাৰি নোপোৱা বাবেই ভানুক টিকট প্ৰদান কৰিবলগীয়া হোৱা বুলিও প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৷

তেজপুৰ দখলৰ বাবে বদ্ধ পৰিকৰ পল্লৱলোচন দাস

জনসাধাৰণৰ আৱেগ, অনুভূতিৰ লগত জড়িত হ'ব পৰা প্ৰাৰ্থীহে তেজপুৰবাসীয়ে বিচাৰে বুলি নিজৰ স্থিতি সমষ্টিটোত যথেষ্ট দৃঢ় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে পল্লৱলোচন দাসে ৷উল্লেখ্য যে, বিজেপিৰ সাংসদীয় প্ৰাৰ্থী হিচাপে টিকট লাভ কৰাৰ পাচত শনিবাৰ নিজ সমষ্টিত উপস্থিত হৈছিল পল্লৱলোচন দাস৷

#বাবা বিশ্বনাথৰ আশীৰ্বাদ লৈ নিৰ্বাচনী যুজৰ বাবে সাজু  তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস
সোমবাৰে দাখিল কৰিব মনোনয়ন 
#অসমীয়া মানুহৰ আবেগক প্ৰতিনিধিত্ব কৰিব পৰাকৈ কংগ্ৰেছ প্ৰাৰ্থী  ভানু সমৰ্থ নহয় - পল্লৱ
#ভেটি দুৰ্বল কংগ্ৰেছে কেৱল দলটোৰ নামৰ বাবেই এজন অৱসৰপ্ৰাপ্ত বিষয়াক টিকট প্ৰদান কৰিছে - পল্লৱ

কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে ৷ মনোনয়ন দাখিলৰ পিচতেই তেজপুৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব পল্লৱ লোচন দাসে ৷ আজি গুপ্তকাশী বিশ্বনাথ ধামত বাবা বিশ্বনাথৰ আশিৰ্বাদ লৈ নিৰ্বাচনী যুজৰ বাবে সাজু হোৱা পল্লৱৰ মন্তব্য তেজপুৰত কংগ্ৰেছ দুৰ্বল ৷ সেইবাবেই থলুৱা মানুহ বিচাৰি নোপোৱা কংগ্ৰেছে এম জি ভি কে ভানুক টিকট প্ৰদান কৰিছে ৷ ভেটি দুৰ্বল কংগ্ৰেছে কেৱল দলটোৰ নামৰ বাবেই এজন অৱসৰপ্ৰাপ্ত বিষয়াক টিকট প্ৰদান কৰিছে ৷ এজন জনপ্ৰতিনিধিয়ে কেৱল ৰাস্তা পদুলি বনালেই নহৱ ৷ জনসাধাৰনৰ আবেগ, ভাষা-সংস্কৃতিৰ লগতো জড়িত হব পাৰিব লাগিব ৷ অসমীয়া মানুহৰ আবেগক প্ৰতিনিধিত্ব কৰিব পৰাকৈ কংগ্ৰেছৰ প্ৰাৰ্থীজন সমৰ্থ নহয় ৷ সেই কাৰনেই তেও জ্যোতিপ্ৰসাদ আগৱালাক  অপমান কৰি বিৰূপ মন্তব্য কৰিছে ৷ ইয়াৰ আগেয়ে বিশ্বনাথৰ ধেনুখনা গেটৰ পৰা শতাধিক বিজেপি কৰ্মীয়ে গুপ্তকাশী বিশ্বনাথলৈ বিজেপি প্ৰাৰ্থী গৰাকীক আদৰি আনে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুুৰৰ সৈতে একেলগে বাইকত বহি উপস্হিত হয়হি  বিশ্বনাথ ধামত । তাৰ পৰা মহিলা সকলে ঢোলে দগৰে বিশ্বনাথ মন্দিৰলৈ আদৰি আনে।   আনন্দত মতলীয়া সমৰ্থক সকলৰ সৈতে পল্লৱে নএপাক নাচিলে বিহু ৷ ইফালে দুপৰীয়াৰ ভাগলৈ বিশ্বনাথ জিলা বিজেপিৰ উদ্যোগত ভুপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্টিত এখন দলীয় সভাতো অংশগ্ৰহন কৰে প্ৰাৰ্থী পল্লব লোচন দাসে ৷
 
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 
Last Updated : Mar 24, 2019, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.