ETV Bharat / state

জাতিৰ বৰঘৰত হাত দিয়াৰ সাহস কৰিছে শ্বেৰমানহতে : পদ্ম হাজৰিকা - শ্বেৰমান আলী

মিঞা সংগ্ৰাহলয় সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া ৷ শ্বেৰমান আলীহতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে ৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হ’ব পৰা কোনো কাৰ্য এইখন অসমত হ’বলৈ দিয়া নহয় বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

miya museum news
miya museum news
author img

By

Published : Oct 26, 2020, 6:25 PM IST

চতিয়া,২৬ অক্টোবৰ : বিধায়ক শ্বেৰমান আলীৰ মিঞা সংগ্ৰাহলয়ৰ প্ৰস্তাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ সোমবাৰে জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত এক সংবাদমেল যোগে বিধান সভাৰ বিভাগীয় সংসদীয় কমিটিত বিধায়ক গৰাকী উপস্থিত থকা বুলি একাংশ ৰাজনৈতিক ব্যক্তিয়ে মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পদ্ম হাজৰিকাই ৷ তালিকাত পদ্ম হাজৰিকাৰ নামটোক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ নিজৰ স্থিতি স্পষ্ট কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

মিঞা সংগ্ৰাহলয় সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া

বিধায়ক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,তালিকাত আছে যদিও তেওঁ কোনো সভাত উপস্থিত নাই আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাই ৷ উপস্থিত নথকাকৈয়ে বিধায়কগৰাকীৰ নামটো একাংশ সংবাদ মাধ্যমত প্ৰকাশ কৰি থকাটোত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে ৷ পদ্ম হাজৰিকা থকা কোনো সভাত মিঞা সংগ্ৰাহলয়ৰ প্ৰস্তাৱ ল’বলৈ নিদিয়ে বুলি উল্লেখ কৰে বিধায়কজনে ৷

বিধায়ক হাজৰিকাই লগতে কয় যে,শ্বেৰমান আলীহতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে ৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হ’ব পৰা কোনো কাৰ্য এইখন অসমত হ’বলৈ দিয়া নহয় বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷ অসমৰ সকলো দল সংগঠন এনে কাৰ্যৰ বিৰুদ্ধে ওলায় নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে পদ্ম হাজৰিকাই ৷ অজিত ভূঞাৰ দৰে এজন সাংসদে বদৰউদ্দিনৰ দৰে মানুহক মুখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি কোৱা বিষয়টোত এজন ভাল অসমীয়া হিচাপে লজ্জা অনুভৱ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে চতিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : গৌৰীপুৰৰ ৰাজবাৰীত প্ৰতিমা বিসৰ্জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.