বিশ্বনাথ, 19 ফেব্ৰুৱাৰী: বিশ্বনাথৰ মোনাবাৰীত শুকুৰবাৰে সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন মটৰচাইকেল আৰোহীয়ে ৷ তেজপুৰ অভিমুখী এখন স্কৰপিঅ' বাহনৰ খুন্দাত মটৰচাইকেল আৰোহী ব্যক্তিজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ভতিজীক স্কুলৰ পৰা আনিবলৈ যোৱাৰ পথত এখন দ্ৰুতবেগী স্কৰপি'অ বাহনে মহটিয়াই নিয়াত ব্যক্তিজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত লোক জনক স্থানীয় ৰাইজৰ সহযোগত অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় যদিও দুৰ্ভাগ্যজনকভাৱে ব্যক্তিজনে মৃত্যুক আঁকোৱালি লয় ৷
নিহত ব্যক্তিজন লাহৰিজানৰ গোপাল মিশ্ৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই AS 03 T 4770 নম্বৰৰ তীব্ৰ বেগী বাহনখনে পলাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহন খন জিনজিয়া আৰক্ষী আৰু বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: কাছাৰৰ শালচাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2