ETV Bharat / state

বিশ্বনাথত ক’ভিড আক্ৰান্তৰ সংখ্যা 128 গৰাকীলৈ বৃদ্ধি - বিশ্বনাথ

মঙলবাৰ দিনটোত বিশ্বনাথ জিলাত 9 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ সম্প্ৰতি জিলাখনত ক’ভিড 19 আক্ৰান্তৰ সংখ্যা 128 গৰাকীলৈ বৃদ্ধি পাইছে ।

বিশ্বনাথত ক’ভিড আক্ৰান্তৰ সংখ্যা 128 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Apr 28, 2021, 10:22 AM IST

বিশ্বনাথ,28 এপ্ৰিল: সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে নতুন লোকৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ মঙলবাৰে বিশ্বনাথত পুনৰ 9 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ জিলা স্বাস্থ্য বিভাগে জানিব দিয়া মতে, সম্প্ৰতি জিলাখনত ক’ভিড 19 আক্ৰান্তৰ সংখ্যা 128 গৰাকীলৈ বৃদ্ধি পাইছে ।

বিশ্বনাথত ক’ভিড আক্ৰান্তৰ সংখ্যা 128 গৰাকীলৈ বৃদ্ধি
বিশ্বনাথত ক’ভিড আক্ৰান্তৰ সংখ্যা 128 গৰাকীলৈ বৃদ্ধি

উল্লেখ্য যে, ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে বিশ্বনাথতো জিলা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন পৰীক্ষাৰ ব্যৱস্থা কৰিছে । আনফালে মঙলবাৰে জিলাখনত 479 গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হয় । বৰ্তমান জিলাখনত 110 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে 18 গৰাকী ৰোগী সুস্থ হৈ উঠিছে । আনহাতে 9 গৰাকী ৰোগীক হোম আইচলেচনত ৰখা হৈছে ৷

মহামাৰী কৰ’ণাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে কেতবোৰ নীতি জাৰি কৰি সকলোকে মানি চলিবলৈ আহ্বান জনায় ৷ যদিহে কোনোৱে চৰকাৰে বান্ধি দিয়া এই নীতি-নিৰ্দেশনা উলংঘা কৰে, তেন্তে তেওঁক জৰিমনা বিহা হ’ব ৷

লগতে পঢ়ক : ক’ভিড আক্ৰান্ত হৈ লামডিঙত এগৰাকী বোৱাৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.