ETV Bharat / state

বিশ্বনাথৰ কৰৈয়নীত নেমছুৰ সাংগঠনিক সভা - কৰৈয়নী

দেওবাৰে কৰৈয়নী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰে নেমছুৰ বিশ্বনাথ জিলা সমিতিয়ে ৷ সভাখনত কেইবাগৰাকীও বিষয়ববীয়াসহিতে প্ৰায় 2 শতাধিক লোক উপস্থিত থাকে ৷

বিশ্বনাথৰ কৰৈয়নীত নেমছুৰ সাংগঠনিক সভা
বিশ্বনাথৰ কৰৈয়নীত নেমছুৰ সাংগঠনিক সভা
author img

By

Published : Dec 6, 2020, 9:43 PM IST

বিশ্বনাথ, ৬ ডিচেম্বৰ: সংখ্যালঘু জনগোষ্ঠীৰ অন্যায়, অত্যাচাৰ, অনিয়ম আৰু অবিচাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ ন্যায্যপ্ৰাপ্তিৰ বাবে জন্মলাভ কৰা অন্যতম সংখ্যালঘু সংগঠন হৈছে নেমছু ৷ সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিয়ে দেওবাৰে কৰৈয়নী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰে ৷ সম্পাদক মহিবুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে বিশ্বনাথ জিলা নেমছুৰ সভাপতি মোস্তাক হুছেইনে ৷ সভাত সংগঠনটোৰ আগন্তুক কাৰ্যপন্থা আৰু কৰণীয় সম্পৰ্কে বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক সকলে মত প্ৰদান কৰে ৷

বিশ্বনাথৰ কৰৈয়নীত নেমছুৰ সাংগঠনিক সভা
বিশ্বনাথৰ কৰৈয়নীত নেমছুৰ সাংগঠনিক সভা

নেমছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ছাইদুল ইছলামে নেমছুৰ সদস্য সকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত কয়, উত্তৰ-পূৰ্বাঞ্চলৰ সংখ্যালঘু লোক সকলক বিভিন্ন ৰাজনৈতিক দলৰ লগতে একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে পদে পদে লাঞ্চনা-বঞ্চনা কৰি আহিছে ৷ এই লাঞ্চনা-বঞ্চনা আৰু অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি প্ৰত্যেকেই শিক্ষিত হ'ব লাগিব ৷ আমাৰ সমাজত চলি থকা কু-সংস্কাৰ, বাল্য-বিবাহ, শিশু শ্ৰমিক নিয়োগ আদি বন্ধ কৰিব লাগিব ৷ লগতে নেমছুৰ কৰ্মকৰ্তা সকলক উদ্দেশ্যিও তেওঁ বহু উৎসাহমূলক বক্তব্য আগবঢ়ায় ৷ মুকলি সভাৰ অন্তত দক্ষিণ চতিয়া আৰু কুমলীয়া আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ শপত বাক্য পাঠ কৰায় নেমছুৰ মুখ্য সাংগঠনিক সম্পাদক ছাইদুল ইছলামে ৷ সভাত বিশ্বনাথ জিলা আমছুৰ প্ৰতিষ্ঠাপক সভাপতি তথা শিক্ষক আশ্ৰফ আলি, যুৱ সাংবাদিক আব্দুল বাৰেক, শিক্ষক আচমত আলি, ছালেহ আহমেদ, যুৱ সমাজকৰ্মী ছাইফুল ইছলাম, বিশ্বনাথ জিলা নেমছুৰ ক্ৰীড়া সম্পাদক ছফিকুৰ ৰহমান, জিলা সমিতিৰ সদস্য তৈবুৰ ৰহমান, প্ৰচাৰ সম্পাদক হবিবুৰ ৰহমান, গহপুৰ মহকুমা নেমছুৰ সহকাৰী সম্পাদক ছামিউল শ্বেখৰ লগতে প্ৰায় 2 শতাধিক বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: ধিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.