বিশ্বনাথ,১৮ চেপ্তেম্বৰঃ জাগীৰোড আৰু কাছাৰ কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত শুকুৰবাৰে বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাই বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখযোগ্য যে,কাগজ কলৰ শ্ৰমিকে ৪৫ মাহ ধৰি দৰমহা পোৱা নাই। কাগজ কল দুটা বন্ধ হৈ পৰাত পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে দুই লাখ লোক নিবনুৱা হৈ পৰে। স্থায়ী শ্ৰমিক,দৈনিক হাজিৰা কৰা শ্ৰমিক,ক্ষুদ্ৰ ব্যৱসায়ী,বাঁহ খেতিয়ক সকলো এই উদ্যোগৰ লগত জড়িত হৈ থকা লোকসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিল। অসম চৰকাৰৰ বাজেট অধিবেশনত উদ্দ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাজ কল দুটাৰ বাবে ১৯০০ কোটি টকাৰ ৰিভাইভেল পেকেজ ধাৰ্য কৰাৰ কথা কৈছিল যদিও সেৱা কাৰ্যকৰী নহ'ল। চৰকাৰৰ অবহেলাৰ বাবে শ্ৰমিক সকলে দুৰ্বিষহ জীৱন যাপন কৰিব লগীয়া হৈছে। আৰ্থিক দৈন্যতাৰ সন্মুখত হাৰ মানি এতিয়ালৈকে ৩ জন শ্ৰমিকে আত্মহত্যা কৰিলে।
চৰকাৰে কাগজ কল দুটা খোলাৰ ব্যবস্থা নকৰিলে। জোৰ পুৰি হাত পালেহি অৰ্থাৎ ২১ চেপ্তেম্বৰ ২০২০ তাৰিখে কাছাৰ আৰু নগাঁও কাগজ কলৰ লিকুডেচন সন্দৰ্ভত নেচনেল কোম্পানী ল'ট্ৰিবুনেল(এন চি এল টি)ত অন্তিম শুনানি অনুষ্ঠিত হ’ব। উক্ত দিনা যদি কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰ কাৰ্যক্ষম নকৰে তেন্তে কল দুটা দেউলীয়া ঘোষণা হ'ব। এই ক্ষেত্ৰত চৰকাৰে এন চি এল টিৰ পৰা দুমাহ সময় সীমা বিচাৰিয়ে ক্ষান্ত আছে। গতিকে কাগজ কল দুটাৰ পুনৰোজ্জীৱিত কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰে শীঘ্ৰে এন চি এল টি লৈ প্ৰেৰণ কৰাৰ দাবী জনায় সংগঠন দুটাই।
ইফালে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন আঁচনীত ১২ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। পৰিতাপৰ বিষয় যে, এই পেকেজত কাগজ কল দুটাৰ শ্ৰমিকৰ বাবে টকা ধাৰ্য কৰিব নোৱাৰিলে। মাত্ৰ ১২ শ কোটি টকা হ'লেই কাগজ কল দুটা পুনৰ কাৰ্যক্ষম হয়। চৰকাৰৰ সদিচ্চাৰ অভাৱতেই এইদৰে উদ্দ্যোগ দুটা মৃতপ্ৰায় অৱস্থাত পৰিণত হৈছে । চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিভিন্ন আঁচনিৰ বাবে আগবঢ়োৱা ১২ হাজাৰ কোটি টকাৰ পৰা ১২ শ কোটি টকা নগাঁৱৰ জাগীৰোড আৰু কাছাৰ কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰণৰ বাবে ধাৰ্য কৰিবলৈ সংগঠন সমূহে স্মাৰক পত্ৰত দাবী জনায়।

আনহাতে সংগঠন কেইটাই উল্লেখ কৰে যে,সৰ্বানন্দ সোণোৱাল চৰকাৰ খনে নতুন নতুন উদ্দ্যোগ স্থাপন কৰি নিবনুৱাক সংস্থানৰ প্ৰতিশ্ৰুতি দিছিল। কোটি কোটি টকা খৰচ কৰি 'এডভান্টেজ আসাম' পাতিছিল। তেন্তে দুই লাখ লোকৰ জীৱন জীৱিকা জড়িত থকা বহু নতুন সংস্থাপনৰ সুবিধা থকা কাগজ কল দুটা চৰকাৰে পুনৰ কাৰ্যক্ষম নকৰিলে কিয় বুলি প্ৰশ্ন উত্থাপন কৰি সংস্থাপন ধ্বংস নহয়,সংস্থাপনৰ নতুন নতুন ক্ষেত্ৰ মুকলি কৰাৰ দাবী জনায়। স্মাৰক পত্ৰত বিপ্লৱী যুৱ সন্থাৰ অসম ৰাজ্যিক সমিতিৰ উপ-সভাপতি জ্যোতিপ্ৰকাশ বৰা আৰু বিশ্বনাথ জিলা সমিতিৰ মূখ্য আহ্বায়ক পৰিমল গোড়,নিখিল ভাৰত ছাত্ৰ সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ধনঞ্জয় দাস আৰু সদস্যা বন্যা গগৈয়ে স্বাক্ষৰ কৰে । সংগঠন দুটাই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰদান কৰে।
লগতে পঢ়কঃ নাম প্ৰসংগৰে প্ৰতিবাদ