ETV Bharat / state

বিশ্বনাথত পৌৰসভা কৰ্মচাৰীৰ ধৰ্মঘট

author img

By

Published : Sep 1, 2020, 1:40 PM IST

বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পৌৰসভাৰ কৰ্মচাৰীসকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অতি শীঘ্ৰে প্ৰাপ্য দৰমহা আদায় দিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

Municipality Workers' Protest Against Govt At Biswanath
বিশ্বনাথত পৌৰসভা কৰ্মচাৰীৰ ধৰ্মঘট

বিশ্বনাথ, 1 ছেপ্তেম্বৰঃ সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে সোমবাৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিশ্বনাথ চাৰিআলি পৌৰসভা আৰু গহপুৰ পৌৰসভাৰ কৰ্মচাৰীৰসকলে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

বিশ্বনাথত পৌৰসভা কৰ্মচাৰীৰ ধৰ্মঘট

ৰাজ্যত দীৰ্ঘদিন ধৰি পৌৰ নিকায় কৰ্মচাৰীসকলে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে পৌৰ কৰ্মচাৰীসকলৰ ৷ ইফালে কোনো এখন চৰকাৰে পৌৰ কৰ্মচাৰীসকলৰ চাকিৰ নিয়মীয়া নকৰি পুনৰ চৰকাৰে নতুন নিযুক্তি দিয়াত ক্ষুব্ধ হৈ পৰে কৰ্মচাৰীসকল ৷ ইফালে দীৰ্ঘদিন ধৰি চৰকাৰক চাকৰি নিয়মীয়া কৰিবলৈ আহ্বান জনাইছিল যদিও কোনো চৰকাৰে সঁহাৰি নিদিয়াত এতিয়া চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় কৰ্মচাৰীসকলে ৷

ঠিক একেদৰে বিশ্বনাথ জিলাতো পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, পৌৰ কৰ্মচাৰীৰ ২০১৪ বিধেয়ক চৰকাৰে মানি লোৱা, পৌৰনিকায় কৰ্মচাৰীসকলৰ ৩ মাহৰ পৰা ২৭ মাহ পৰ্যন্ত বকেয়া দৰমহা মোকলাই দিয়া, পৌৰসভাৰ সুনিৰ্দিষ্ট কৰ্মচাৰী গাঁঠনিৰ চৰকাৰী অধিসুচনা জাৰি কৰা ইত্যাদিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু নগৰ উন্নয়ন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰীসকলে । উল্লেখ্য যে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আগন্তুক ২ আৰু ৩ চেপ্তেম্বৰ পৰ্যন্ত বাহাল থাকিব থাকিব বুলি ইতিমধ্যে প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক- ‘‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু সদস্যই যোগদান কৰিব বিজেপিত, আজি মাত্ৰ আৰম্ভণি হে” : প্ৰাক্তন সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.