বিশ্বনাথ,৬ অক্টোবৰ : বিশ্বনাথত যান বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ । সোম আৰু মঙলবাৰে বিশ্বনাথ জিলা পৰিবহন বিভাগৰ এটা দলে বিভিন্ন স্থানত অভিযান চলাই যান বাহন আইন ভংগ কৰা লোকৰ বিৰুদ্ধে ২০ টা গোচৰ ৰুজু কৰে । লগতে যান বাহন আইন ভংগ আৰু নথিপত্ৰ নথকা,গাড়ী চালকক অনুজ্ঞাপত্ৰ নথকা ব্যক্তিৰ পৰা প্ৰায় ১ লাখ টকাৰ জৰিমনা বিহে পৰিবহন বিভাগে ।
ৰাজীৱ দাসৰ নেতৃত্বত চলোৱা জিলা পৰিবহন বিভাগৰ দলটোৱে বিশ্বনাথ চাৰিআলি,বালিপুখুৰী,বৰগাং আদি অঞ্চলত অভিযান চলাই । আনহাতে,পৰিবহন বিষয়া ৰাজীৱ দাসে জিলা খনত নিয়মীয়াকৈ এই অভিযান অব্যাহত থাকিব বুুলি মন্তব্য কৰিছে ।