বিশ্বনাথ,১ ছেপ্তেম্বৰ: বজালীৰ পিছতে এইবাৰ বিশ্বনাথৰ বিহালী সমষ্টিৰ পঞ্চায়তত উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ সমষ্টিটোৰ অন্তৰ্গত মোনাবাৰী গাঁও পঞ্চায়ত আৰু জৰাবাৰী গাঁৱত সোমবাৰে বিয়লি একাংশ স্থানীয় লোকে পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰাপ্ত তথ্য অনুসৰি, একাংশ কংগ্ৰেছ কৰ্মী আৰু এগৰাকী উত্তম মাহালী নামৰ ব্যক্তিৰ নিৰ্দেশমৰ্মে পঞ্চায়ত দুখনৰ চৌহদত গাঁওবাসী উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্যালয়ৰ আচবাবসমূহ ভাঙি লণ্ডভণ্ড কৰে ৷
ইফালে জিনজিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এগৰাকী ব্যক্তিক আটক কৰে ৷ কিন্তু উক্ত ঘটনাত জড়িত অন্য ব্যক্তিসকলে আৰক্ষীৰ উপস্থিতিৰ উমান পায় ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ মোনাবাৰী পঞ্চায়তৰ সচিব প্ৰৱণ শইকীয়াই ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ৷
লগতে চাওকঃ নিশা অক্সিজেন লেভেল হ্ৰাস পালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ