ETV Bharat / state

বিহালী কন্টেইনমেন্ট জ’নত উপস্থিত বিধায়ক ৰঞ্জিত দত্ত - বিহালী প্ৰাথমিক চিকিৎসালয়

বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই ৰাইজে যাতে কোনো কাৰণতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিহালী খণ্ড উন্নয়ন বিষয়া লগতে টেলেঙনীয়া গাঁও পঞ্চায়ত সভানেত্ৰী জাহ্নবী দাসক আহ্বান জনায় ।

Breaking News
author img

By

Published : Jun 7, 2021, 11:02 PM IST

বিশ্বনাথ ৭ জুন : সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো ক’ৰণা মহামাৰী (Covid 19)য়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিশ্বনাথৰ বিহালী সমষ্টিৰ টেলেঙনীয়া গাঁৱত তীব্ৰ ৰূপত ধাৰণ কৰিছে ক’ভিডে । গাঁওখনত ৫০ গৰাকীৰো অধিক লোকৰ দেহত পোৱা ক’ভিড-১৯ৰ অৱস্থিতি । ইয়াৰে কেইবাজনো লোকক বৰগাং মডেল চিকিৎসালয় আৰু জনতা ক’ভিড কেয়াৰ কেন্দ্ৰত ৰাখি চিকিৎসা কৰি থকা হৈছে । টেলেঙনীয়াৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে গাঁওখনৰ ৩ নং, ৪ নং আৰু ৫ নং ৱাৰ্ডৰ অঞ্চলসমূহক জিলা প্ৰশাসনে কন্টেনমেন্ট জ’ন (Containment Zone) হিচাপে ঘোষণা কৰে ।

MLA Ranjit Dutta visit Containment Zone
বিহালী কন্টেইনমেন্ট জ’নত উপস্থিত বিধায়ক ৰঞ্জিত দত্ত

টেলেঙনীয়া গাঁৱৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ সমষ্টিটোৰ বিধায়ক ৰঞ্জিত দত্ত (MLA Ranjit Dutta) সোমবাৰে কন্টেনমেন্ট জ'নত (Containment Zone) উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে গাঁওখনৰ লোকসকলৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে তেওঁলোকে সময়ত অত্যাৱশ্যকীয় সামগ্ৰী পাইছে নে নাই, বুজ লয় ৷ বিধায়কগৰাকীয়ে লগতে ৰাইজে যাতে কোনো কাৰণতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিহালী খণ্ড উন্নয়ন বিষয়া লগতে টেলেঙনীয়া গাঁও পঞ্চায়ত সভানেত্ৰী জাহ্নবী দাসক আহ্বান জনায় ।

আনহাতে টেলেঙনীয়া গাঁৱৰ সমাজ সচেতন ব্যক্তি ক্ষীৰোদ দাস, গাঁওৰক্ষী বাহিনী সদস্যৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্য, বিহালী প্ৰাথমিক চিকিৎসালয় জ্যেষ্ঠ চিকিৎসক ডাঃ জে চি বে'ই, আশা ছুপাৰ ভাইজাৰ নৱনিতা বৰাই সম্প্ৰতি গাঁৱখনৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰি থকা দেখা গৈছে । উল্লেখ্য যে, বিশ্বনাথ জিলাত সম্প্ৰতি ২,৮৯৫ গৰাকী লোক ক’ভিড (Covid 19)ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৩৫ গৰাকীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : মুছলমান ৰাইজক ধলপুৰ শিৱ মন্দিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.