ETV Bharat / state

মোনাবাৰীৰ পৰা কিশোৰী-মহিলা নিৰুদ্দেশ: স্মাৰকপত্ৰ প্ৰেৰণ - মোনাবাৰী

মোনাবাৰী কলবস্তিৰ পৰা তিনিগৰাকী মহিলা আৰু এগৰাকী কিশোৰী বিগত কিছুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ উক্ত ঘটনাৰ প্ৰায় 18 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰিছে চিপিআই(এম-এল) ৰ কৰ্মীসকলে ৷

memorandum file to administration of monabari kidnap case biswanath assam etv bharat news
স্মাৰকপত্ৰ প্ৰেৰণ
author img

By

Published : Sep 10, 2020, 11:00 PM IST

বিশ্বনাথ,10 ছেপ্তেম্বৰ: বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মোনাবাৰী কলবস্তিৰ পৰা তিনিগৰাকী মহিলা আৰু এগৰাকী কিশোৰী বিগত কিছুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ উক্ত ঘটনাৰ প্ৰায় 18 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰিছে চিপিআই(এম-এল) ৰ কৰ্মীসকলে ৷ উক্ত বিষয় সন্দৰ্ভত দলটোৰ নেতা বিবেক দাসৰ নেতৃত্বত বৃহস্পতিবাৰে প্ৰগতিশীল নাৰী সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

স্মাৰকপত্ৰ প্ৰেৰণ

উল্লেখ্য যে,নিৰুদ্দিষ্ট মহিলা কেইগৰাকীৰ লগতে এগৰাকী সাত বছৰীয়া কিশোৰীও নিৰুদ্দেশ হৈ আছে ৷ নিৰুদ্দিষ্ট মহিলাৰ দলটোৱে মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানৰ ঔষধালয়লৈ বুলি ওলাই গৈ অন্তৰ্ধান হয় ৷ পৰৱৰ্তী সময়ত দলটোৱে ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে জিনজিয়া থানাত এজাহাৰ দাখিল কৰে ৷ উক্ত ঘটনাৰ প্ৰায় 18 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে দলটোৱে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ চিপিআই(এম-এল) ৰ নেতা বিবেক দাসে বুধবাৰে অঞ্চলটোলৈ গৈ ঘটনাৰ বুজ লৈছিল ৷ স্মাৰকপত্ৰ প্ৰদানকাৰী দলটোৰ সৈতে জিনজিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে আলোচনাত মিলিত হৈ মহিলা আৰু কিশোৰীগৰাকীক উদ্ধাৰৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে চাওকঃ শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অৰ্ণৱ কিশোৰ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.