ETV Bharat / state

বিহালীত বিজেপিত যোগদান মূৰৰ কামোৰণি হৈছে কংগ্ৰেছ দলৰ - বিধায়ক ৰঞ্জিত দত্ত

ৰাজ্যত বিজেপিৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থকাৰ সময়তে বিহালীত বৃহস্পতিবাৰে দেখা যায় এক ব্যতিক্ৰমী দৃশ্য ৷ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ কংগ্ৰেছ নেতা নবীন গৌতমে কংগ্ৰেছ পৰিত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

বিহালী
বিজেপিত যোগদান
author img

By

Published : Jan 16, 2020, 11:53 PM IST

বিহালী,16 জানুৱাৰীঃ খহনীয়া সৃষ্টি হৈছে বিহালীৰ কংগ্ৰেছ দলত ৷ নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত থিয় দিছে একাংশ কংগ্ৰেছ নেতা-কৰ্মী ৷ ৰাজ্যত বিজেপিৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থকাৰ সময়তে বিহালীত বৃহস্পতিবাৰে দেখা যায় এক ব্যতিক্ৰমী দৃশ্য ৷ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ কংগ্ৰেছ নেতা নবীন গৌতমে কংগ্ৰেছ পৰিত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

বিহালী
বিজেপিত যোগদান

সদ্য বিজেপি নবীন গৌতমে সংবাদমাধ্যমক জনোৱা মতে,বিগত ১৫ বছৰে কংগ্ৰেছ দলে অবাধ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ সহায়ত অসমখন শেষ কৰিলে ৷ তদুপৰি অনাগত সময়ত অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো চিন্তা নকৰিলে ৷ তাৰোপৰি বিজেপি চৰকাৰে হিন্দুসকলৰ সুৰক্ষাৰ চিন্তা-চৰ্চাৰে নাগৰিকত্ব সংশোধনী আইনখন অসমলৈ আনিছে ৷ বিজেপিৰ উক্ত কাৰ্যৰ ফলতে আকৃষ্ট হৈ গৌতমে বিজেপিত যোগদান কৰে ৷ বিগত তিনিটা বৰ্ষত বিহালী সমষ্টিৰ বিধায়ক ৰণজিৎ দত্তই যি উন্নতিৰ পথ দেখুৱাইছে তাৰ বাবে প্ৰাক্তন কংগ্ৰেছ নেতাজনে বিজেপিত যোগদান কৰে বুলি প্ৰকাশ কৰে ৷ ইয়াৰোপৰি বিজেপিৰ নেতৃত্বতহে অসম,অসমীয়া ভাষা আৰু গোৰ্খা জাতিটো সুৰক্ষিত বুলি মন্তব্য কৰে সদ্য বিজেপি সদস্য গৰাকীয়ে ।

ইফালে বিধায়ক ৰঞ্জিত দত্তই কয়,অসমৰ জনগণে লাহে-লাহে বিজেপিৰ গুৰুত্ব বুজি উঠিছে ৷ পৰৱৰ্তী সময়ত সকলোৱে বুজি উঠিব যে বিজেপি দলে বৃহৎ অসমীয়া জাতিৰ স্বাৰ্থত আৰম্ভণিৰ পৰাই কাম কৰি আহিছে ৷ সেয়ে বিজেপি দললৈ এতিয়া অন্য ৰাজনৈতিক দলৰ পৰা লোকসকল অহাটো স্বাভাৱিক ৷ এনে লোকৰ বাবে দলটোৰ দুৱাৰ সদায়ে খোলা থাকিব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

বিহালী সমষ্টিটোত কংগ্ৰেছ নেতা-কৰ্মীসকলৰ বিজেপিলৈ সোঁত বোৱাৰ ফলত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা সকল চিন্তিত হৈ পৰিছে বুলি বিভিন্ন মহলত প্ৰকাশ পাইছে ৷

লগতে চাওকঃআৰম্ভ হ'ল অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ....

Intro:বিহালীত কংগ্ৰেছ দল খহনীয়া
কা" সমৰ্থনত কংগ্ৰেছ নেতা / বিজেপিত যোগদান কা" সমৰ্থনকাৰী
কংগ্ৰেছ নেতা Body:বিহালীত কংগ্ৰেছ দল খহনীয়া
কা" সমৰ্থনত কংগ্ৰেছ নেতা / বিজেপিত যোগদান কা" সমৰ্থনকাৰী
কংগ্ৰেছ নেতা Conclusion:বিহালীত কংগ্ৰেছ দল খহনীয়া
কা" সমৰ্থনত কংগ্ৰেছ নেতা / বিজেপিত যোগদান কা" সমৰ্থনকাৰী
কংগ্ৰেছ নেতা

ৰাজ্যত বিজেপি বিৰুদ্ধে
অসমৰ বিভিন্ন
দল সংগঠন লগতে কংগ্ৰেছ দলে ধাৰাবাহিক ভাৱে প্ৰতিবাদ কৰি থকা সময়তে বিহালীত
বৃহস্পতি বাৰে দেখা গ'ল আন এক ব্যতিক্ৰমী দৃশ্য ।
বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী
ৰঞ্জিত দত্ত দেৱৰ বাসগৃহত দত্ত উপস্থিতি বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাওঁ পঞ্চায়ত কংগ্ৰেছ নেতা
নবীন গৌতমে বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।
নবীন গৌতমে
জানিবলৈ দিয়ে সংবাদ মাধ্যমক যোৱা ১৫ বছৰে কংগ্ৰেছ দলে অবাধ দুৰ্নীতি আৰু ভ্ৰষ্টচাৰে অসমখন শেষ কৰিলে আৰু কোনো দিন অসম খন আগুৱাই নিয়া ক্ষেত্ৰত কংগ্ৰেছ দলে চিন্তা নকৰিলে তাৰ
ওপৰিও বিজেপি চৰকাৰে যি হিন্দুসকলৰ সুৰক্ষা চিন্তা চৰ্চাৰে কা" খন আনিছে তাৰ প্ৰতি মই আকৃষ্ট আৰু বিগত তিনিটা বৰ্ষত অসম তথা বিহালী সমষ্টি বিধায়ক ৰণজিৎ দত্তই যি উন্নতি পথ দেখুৱাইছে তাৰ বাবে মই বিজেপি দলত যোগদান কৰা অন্য এটা লক্ষ্য
বুলি মন্তব্য কৰে গৌতমে ।
লগতে কয় বিজেপি দলৰ নেতৃত্বহে অসম তথা অসমীয়া ভাষা আৰু গোৰ্খা জাতি সুৰক্ষিত বুলি মন্তব্য কৰে।
ইফালে বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্তই কয় , এতিয়া অসমৰ জনগণই বুজি পাইছে লাহে- লাহে সকলোৱে বুজিব বিজেপি দলেয়ে যে বৃহৎত অসমীয়া জাতি স্বাৰ্থত আৰম্ভণি পৰাই
কাম কৰি আহিছে এয়া আমি বুজাই নকলেও অসমৰ ৰাইজে বুজি পাইছে । সেই বাবেই বিজেপি দললৈ এতিয়া অন্য ৰাজনীতি দলৰ পৰা অহাটো স্বাভাৱিক লগতে বিজেপি দললৈ যি সকলে আহিবলৈ বিচাৰি সদায় দৰ্জা খোলা আছে বুলি জানিবলৈ দিয়ে ।
ইফালে দিনক দিনক বিহালীত কংগ্ৰেছ নেতা কৰ্মী বিজেপিলৈ আগমনে দলৰ জ্যেষ্ঠ সকলক চিন্তিত কৰি তুলিছে বুলি এটা মহলত চৰ্চা।‌

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.