বিশ্বনাথ , 10 নৱেম্বৰঃ বিশ্বনাথ জিলাৰ বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ বিহালী বনাঞ্চলৰ পৰা ওলাই অহা 30-40 জনীয়া এটা বন্য হস্তীৰ দলে যোৱা কেইবাদিনো ধৰি সন্ত্ৰাস চলাই আহিছে বিহালী অঞ্চলত ৷ বনাঞ্চলখনৰ দাঁতিকাষৰীয়া চাহপাতৰ বাগানসমূহৰ ব্য়স্তৰ ক্ষতি সাধন কৰাৰ লগতে অনিষ্ট সাধন কৰিছে শ-শ বিঘা ধান খেতিৰ ৷ দেওবাৰে হাতীৰ জাকটোৱে বেদেতীৰ বৰজুলি গাঁৱৰ মাজৰ চাহ বাগানৰ চমাজত অৱস্থান কৰি থকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
উল্লেখ্য যে, অসম বিধানসভাৰ প্ৰতিবেদন অনুসৰি 2017-2018 হাতীৰ আক্ৰমণত 1,021 টা পৰিয়াল আৰু 2018-2019ত 2,034 টা পৰিয়াল ক্ষতিগ্ৰস্থ হৈছে ৷ হাতীৰ আক্ৰমণত সৰ্বাধিক চাহ বাগিছা আৰু জনজাতীয় অঞ্চল সমূহ ক্ষতিগ্ৰস্থ হৈছে ৷ ইয়াৰ ভিতৰত শোণিতপুৰ, ওদালগুৰি, বাক্সা, গোলাঘাট, নগাঁও, গোৱালপাৰাত আৰু কাৰ্বি আংলঙত সৰ্বাধিক লোক হাতীৰ আক্ৰমণৰ বলি হৈছে ৷