চতিয়া, 31 আগষ্টঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত কালীয়দমন ক্ষেত্ৰত এক ছেপ্তেম্বৰত কালীয়দমন ভাওনাৰ আয়োজনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ ইয়াৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখযোগ্য যে, 1795 চনৰ পৰাই অবিৰতভাৱে শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অনুষ্ঠিত হৈ অহা কালীয়দমন ভাওনাই এইবছৰ 224 বছৰ অতিক্ৰম কৰিব ৷
224 বছৰ অতিক্ৰম কৰিব জামুগুৰিহাটৰ কালীয়দমন ভাওনাই - শংকৰদেৱৰ তিৰোভাৱ তিথি
শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত কালীয়দমন ক্ষেত্ৰৰ কালীয়দমন ভাওনাই অতিক্ৰম কৰিব 224 বছৰ ৷
224 বছৰ অতিক্ৰম কৰিব জামুগুৰিহাটৰ কালীয়দমন ভাওনাই
চতিয়া, 31 আগষ্টঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত কালীয়দমন ক্ষেত্ৰত এক ছেপ্তেম্বৰত কালীয়দমন ভাওনাৰ আয়োজনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ ইয়াৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখযোগ্য যে, 1795 চনৰ পৰাই অবিৰতভাৱে শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অনুষ্ঠিত হৈ অহা কালীয়দমন ভাওনাই এইবছৰ 224 বছৰ অতিক্ৰম কৰিব ৷
Intro:চতিয়া, ৩১আগষ্ট: - ১৯৯৫ চনতেই দুশ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰা জামুগুৰিহাটৰ কোঁচগাঁৱৰ ৰাইজৰ অভিনয় আৰু ভগৱান সেৱাৰ অনুষ্ঠান কালীয়দমণ নাটৰ ভাঁওনাভাগ এইবেলিও পৰম্পৰা অনুসৰিয়েই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোতেই অৰ্থাৎ অহা ১ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব৷১৭৯৫ চনৰ পৰাই অবিৰতভাৱে শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অনুষ্ঠিত কৰি অহা এই ভাঁওনাই এইবেলি ২২৪ বছৰত ভৰি দিলে৷Body:গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিৰ দিনাই গুৰুজনাৰ দ্বাৰা ৰচিত কালীয়দমন নাটৰ ভাঁওনা উদযাপন কৰি কোঁচগাঁৱৰ ৰাইজে অঞ্চলটোৰ কলা-সংস্কৃতি,ভক্তি,উদাৰতা আৰু আতিথ্যৰ বিতোপন চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে৷গভীৰ মহত্ব থকা কালীয়দমন ক্ষেত্ৰৰ নামঘৰত সেয়েহে প্ৰতিবছৰেই সেই দিনটোত ধূপ-ধূনা-নৈবেদ্য আগবঢ়াবলৈ অঞ্চলটোৰ লগতে জিলাখনৰ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে৷বৈকুণ্ঠ পুৰিত পৰিণত হয় ঐতিহ্যমণ্ডিত কালীয়দমণ ক্ষেত্ৰ৷Conclusion:যাৰবাবে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে গাঁওবাসী ৰাইজে এই অনুষ্ঠানভাগ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে৷ৰং বিৰঙৰে সজাই তোলা হৈছে কোঁচগাঁৱৰ কালীয়দমণ ক্ষেত্ৰ৷এইবেলি মহোৎসৱভাগ এদিনীয়া কাৰ্য্যসুচীৰে উদযাপন কৰিব গাঁওবাসীয়ে৷বিগত এটা পষেক ধৰি গাঁওবাসী ৰাইজ দিনে নিশাই ব্যস্ত হৈ পৰিছে কালীয়দমণ ক্ষেত্ৰক জিলিকাই তোলাৰ বাবে৷ সমান্তৰাল কৈ মাজ নিশা লৈকে চলিছে কালীয় দমন ভাওঁনা ভাগৰ আখৰা ৷ ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে সাজু হৈছে দুৰ দুৰনিৰ অতিথিক আদৰিবলৈ ৷
Byte- অভ্যথনা সমিতিৰ সভাপতি ৷
Pransankar bhuyan
Sootea
Etv bharat (assam)
31/8/2019
Byte- অভ্যথনা সমিতিৰ সভাপতি ৷
Pransankar bhuyan
Sootea
Etv bharat (assam)
31/8/2019