ETV Bharat / state

30 আৰু 31 জুলাইত অব্যাহত থাকিব আন্তঃজিলা বাছ সেৱা - পৰিবহন বিভাগ

30 আৰু 31 জুলাইত মুকলি কৰা হৈছে আন্তঃজিলা বাছ সেৱা ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে সদৰি কৰে এই কথা ৷

Inter-district bus service will open for 30th anf 31st July
30 আৰু 31 জুলাইত অব্যাহত থাকিব আন্তঃজিলা বাছ সেৱা
author img

By

Published : Jul 30, 2020, 8:57 AM IST

বিশ্বনাথ, 30 জুলাই : যোৱা 22 জুলাই পৰা অসমত আন্তঃজিলা বাছ সেৱা আৰু ব্যক্তিগত বাহনৰ চলাচল বন্ধ অব্যাহত আছে যদিও ৰাজ্য চৰকাৰে 30 আৰু 31 জুলাইত পুনৰ দুদিনৰ বাবে মুকলি কৰিছে যাতায়াত ব্যৱস্থা ৷ এই দুটা দিনত চৰকাৰৰ অনুমতি অবিহনে সকলো লোকে অহা-যোৱা কৰিব পাৰিব ৷ এই দুদিনৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সমুহো সাজু কৰি তুলিছে পৰিবহণ বিভাগে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে সদৰি কৰে যে, 30 আৰু 31 জুলাইত পৰিবহণ বিভাগৰ বাছ সেৱা সম্পূৰ্ণ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে । যিসকল লোকে পৰিবহণ বিভাগৰ বাছত যাত্ৰা কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে অসম ৰাজ্যিক পৰিবহন নিগমৰ www.redbus.in ৱেবচাইটত গৈ অনলাইন বুকিং কৰিব পাৰে অথবা বাছ আস্থানত গৈও টিকট বুক কৰিব পাৰিব যাত্ৰীসকলে ৷

30 আৰু 31 জুলাইত অব্যাহত থাকিব আন্তঃজিলা বাছ সেৱা

লগতে তেওঁ কয় যে, 30 জুলাইৰ বাবে ইতিমধ্যে 51 খন বাছ বুক হৈছে আৰু 31 জুলাইৰ বাবে 52 খনকৈ বাছ মুকলি কৰা হ’ব । অৱশ্যে সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক : NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.