বিশ্বনাথ, 5 মে' : বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা প্ৰায় 60 কি.মি পথৰ দুৰৱস্থাৰ বিষয়ে ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ পাচতে পথ মেৰামতিৰ বাবে আগবাঢ়ি আহিল এটা নিৰ্মাণকাৰী সংস্থা ৷ পথৰ মাজত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতত এজাক বৰষুণতেই জমা হৈছিল পানী৷ পথছোৱাৰ এই দুৰৱস্থাৰ বাবে দীৰ্ঘদিনে যমৰ যাতনাত ভুগি আহিছিল অঞ্চলবাসী৷ পথছোৱাৰ মেৰামতিৰ বাবে বিশ্বনাথ প্ৰশাসনক ৰাইজে দাবী উত্থাপন কৰি আহিছিল যদিও প্ৰশাসন কিম্বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা৷
ইটিভি ভাৰতে পথছোৱাৰ দুৰাৱস্থা দেখুওৱাৰ পাচতে দেওবাৰে পথৰ মেৰামতিৰ বাবে আগবাঢ়ি আহিছে বিশ্বনাথৰ ৰতোৱা তথা গহপুৰৰ সন্তান উদয় আদিত্য গোস্বামী মালিকাধীন শৈল্যজা পথ নিৰ্মাণকাৰী সন্থা ৷ সংস্থাটোৰ শ্ৰমিকে দেওবাৰে পুৱাৰে পৰা নিয়োজিত হৈ আছে পথৰ মেৰামতিৰ কামত৷