ETV Bharat / state

বিশ্বনাথত গছ কাটি বিপদত APDCLৰ বিষয়া - বিমান হালৈ

বিশ্বনাথ চাৰিআলি অসম শক্তি বিতৰণ কেন্দ্ৰৰ উপ সংমণ্ডল বিষয়া বিমান হালৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ বন বিভাগৰ অনুমতি অবিহনে কাৰ্যালয় চৌহদৰ গছ কাটি তহিলং কৰাৰ অভিযোগ বিষয়া গৰাকীৰ বিৰুদ্ধে ৷

গছ কটাৰ অভিযোগ এগৰাকী বিষয়াৰ বিৰুদ্ধে
গছ কটাৰ অভিযোগ এগৰাকী বিষয়াৰ বিৰুদ্ধে
author img

By

Published : Jan 10, 2020, 12:17 PM IST

বিশ্বনাথ, 10 জানুৱাৰী: বিশ্বনাথত বন বিভাগৰ অনুমতি অবিহনে কাৰ্যালয় চৌহদত গছ কাটি তহিলং কৰাৰ অভিযোগ, বিশ্বনাথ চাৰিআলি অসম শক্তি বিতৰণ কেন্দ্ৰৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি কাৰ্যালয়টোৰ উপ সংমণ্ডল বিষয়া বিমান হালৈৰ নিৰ্দেশত বৰ্তমানলৈ 100ৰো অধিক মূল্যবান পুলিসহ গছ কটাক কেন্দ্ৰ কৰি বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উপ সংমণ্ডল বিষয়া বিমান হালৈ
উপ সংমণ্ডল বিষয়া বিমান হালৈ

সংবাদ মাধ্যমৰ আগত উপ সংমণ্ডল বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে,পাৰ্কিং নিৰ্মাণৰ বাবেহে গছ সমূহ কটা হৈছিল ৷ লগতে কয়,গছ কটাৰ পিচত বিষয়া গৰাকীয়ে নিজেই বন বিভাগক অৱগত কৰে ৷

পাৰ্কিং নিৰ্মাণৰ বাবেহে গছসমূহ কটা হৈছিল- বিমান হালৈ, উপ সংমণ্ডল বিষয়া

কিন্তু,স্থানীয় লোকৰ মতে,স্থানীয় লোকৰ তৎপৰতাতহে বন বিভাগক এই বিষয়ে অৱগত কৰা হৈছে ৷ বিষয়া গৰাকীয়ে নিজৰ সিদ্ধান্ত মতে চৌহদৰ গছ কাটি তহিলং কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ লগতে ক্ষুব্ধ ৰাইজে অভিযুক্ত বন বিষয়া গৰাকীক বৰ্খাস্ত নাইবা গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনায় ৷

অভিযুক্ত বন বিষয়া গৰাকীক বৰ্খাস্ত নাইবা গ্ৰেপ্তাৰৰ দাবী ক্ষুব্ধ ৰাইজৰ

ইয়াৰোপৰি বন বিভাগৰ লোকেও কাৰ্যালয়টোৰ বিযয়া গৰাকীয়ে কোনো ধৰণৰ অনুমতি নোলোৱাকৈয়ে এই বৃহৎ পৰিমাণৰ গছ কটা বুলি অভিযোগ কৰে ৷ এই সম্পৰ্কে কাৰ্যালয় কৰ্তৃপক্ষই তেওঁলোকক জনাইছিল যদিও,যিমান গছ কটা বুলি হিচাপ দিছিল তাতকৈ বহু পৰিমাণে বেছি গছ কটাৰ অভিযোগ উত্থাপন হৈছে উপ সংমণ্ডল বিষয়া গৰাকীৰ বিৰুদ্ধে ৷ এই অভিযোগৰ ভিত্তিত গছখিনি জব্দ কৰি বন বিভাগে নিজাববীয়াকৈ গোচৰ তৰি আৰম্ভ কৰিছে তদন্ত ৷

বন কৰ্তৃপক্ষৰ মন্তব্য

লগতে পঢ়ক: লখিমপুৰত ধৃত জালনোট চক্ৰৰ সদস্য

Intro:as_biswanath_801_9_j_apdcl_photo_sdve_as10018

Body:as_biswanath_801_9_j_apdcl_photo_sdve_as10018

Conclusion:as_biswanath_801_9_j_apdcl_photo_sdve_as10018
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.