ETV Bharat / state

ন ৰূপেৰে উজলি উঠিছে ভোলাগুৰিৰ চিত্ৰবন ষ্টুডিঅ’... - ষ্টুডিঅ’ চিত্ৰবন

জয়মতী নিৰ্মাণৰ অৰ্থে 1934 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰি উলিয়াইছিল অসমৰ প্ৰথম ফিল্ম ষ্টুডিঅ’ চিত্ৰবন ৷ এই চাহ বাগিচা পৰিচালনাৰ দায়িত্ব বহন কৰিছিল ৰূপকোঁৱৰৰ সহোদৰ বিবেকানন্দ আগৰৱালাই ৷ এয়া প্ৰায় 85 বছৰ পূৰ্বৰ কথা ৷ নানা ঘাত-প্ৰতিঘাত নেওচি 1935 চনত মুক্তি লাভ কৰিছিল প্ৰথম অসমীয়া কথাছবি জয়মতী ৷

Good Days Comes to First Assamese Film Making Place Gohpur biswanath assam etv bharat news
ভোলাগুৰিৰ চিত্ৰবন ষ্টুডিঅ
author img

By

Published : Aug 26, 2020, 7:12 PM IST

Updated : Aug 27, 2020, 1:12 PM IST

বিশ্বনাথ, 26 আগষ্ট: অসমীয়া চলচিত্ৰ জগতত বিশেষ স্থান দখল কৰি থকা ভোলাগুৰি চাহ বাগিচা ৷ যি আছিল এসময়ৰ চলচ্চিত্ৰ জগতৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কিয়নো এই চাহ বাগিচাতে নিৰ্মাণ কৰা হৈছিল প্ৰথম অসমীয়া কথাছবি জয়মতী ৷ ইয়াৰ পৰাই আৰম্ভ হৈছিল অসমীয়া চলচ্চিত্ৰ জগতৰ বৰ্ণাঢ্য যুগৰ ৷ জয়মতী নিৰ্মাণৰ অৰ্থে 1934 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰি উলিয়াইছিল অসমৰ প্ৰথম ফিল্ম ষ্টুডিঅ’ চিত্ৰবন ৷ এই চাহ বাগিচা পৰিচালনাৰ দায়িত্ব বহন কৰিছিল ৰূপকোঁৱৰৰ সহোদৰ বিবেকানন্দ আগৰৱালাই ৷

এয়া প্ৰায় 85 বছৰ পূৰ্বৰ কথা ৷ নানা ঘাত-প্ৰতিঘাত নেওচি 1935 চনত মুক্তি লাভ কৰিছিল প্ৰথম অসমীয়া কথাছবি জয়মতী ৷ তাৰপিছত আৰু থমকিব লগা হোৱা নাই চলচ্চিত্ৰ জগতখন ৷ তেতিয়াৰ পৰা আৰম্ভ হৈছিল অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী সময়ৰ ৷ এনেদৰে অসমীয়া চলচ্চিত্ৰ জগতে অতিক্ৰম কৰে প্ৰায় 80 বছৰ ৷ বিভিন্ন ৰাষ্ট্ৰীয়,আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাই এই আসন অধিক উচ্চ কৰি তুলিছিল ৷ কিন্তু প্ৰায় একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল অসমীয়া চলচ্চিত্ৰ জগতখনত ৷ এয়া লাগিলে চলচ্চিত্ৰ গৃহৰ অভাৱেই হওঁক নাইবা পাইৰেচী ৷ সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ নিমিত্তে প্ৰস্তুত কৰা ভিচিডিয়েও হ্ৰাস কৰিছিল অসমীয়া ছবিৰ জনপ্ৰিয়তা ৷ এক কথাত মৃত্যুৰ মুখলৈ গতি কৰিছিল চলচ্চিত্ৰ উদ্যোগটো ৷ কিন্তু সুদীৰ্ঘ বছৰৰ অন্তত প্ৰাণ পাই উঠিছে জয়মতীৰ নিৰ্মাণস্থলী ভোলাগুৰি চাহ বাগিচা ৷ বাঁহ, কাঠ, খেৰ,কলগছ আদিৰে নিৰ্মিত চিত্ৰবন ষ্টুডিঅ’ৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ ৷

চিত্ৰবন ষ্টুডিঅ’ৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ

ৰাজনৈতিক দলৰ পাকচক্ৰ আৰু চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে পূৰ্বৰ গৰিমা হেৰুওৱাৰ উপক্ৰম হৈছিল চিত্ৰবন ষ্টুডিঅ’ৰ লগতে ভোলাগুৰি চাহ বাগিচাই ৷ অৱশেষত চাহ বাগিচাখনৰ কলঘৰৰ লগতে জয়মতী নিৰ্মাণৰ স্মৃতি বিজড়িত অৱশিষ্ট সম্পদসমূহ সংৰক্ষণৰ বাবে সদিচ্ছাৰ উদয় হৈছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৷ ইতিমধ্যে কথাছবিখনৰ নিৰ্মাণস্থলীত জ্যোতিপ্ৰসাদৰ আৱক্ষ মূৰ্তি স্থাপনৰ লগতে কলঘৰ, বাগিচাৰ ফৰ্মেটিং ৰূম আৰু চলচ্চিত্ৰখনৰ লেবৰেটৰী ৰূমক ৰং-তুলিকাৰে উজ্জীৱিত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে ৷ বিভাগৰ এই কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ জ্যোতিপ্ৰসাদ আগৰৱালাই স্থাপন কৰা নামঘৰ, আগৰৱালাৰ বাসগৃহ আৰু ইয়াত সংৰক্ষিত আচবাবসমূহ চাবলৈ আগমন ঘটিছে বিভিন্ন স্থানৰ পৰ্যটকৰ ৷

লগতে চাওকঃ বঙাইগাঁৱত ট্ৰাক চালকৰ হত্যাকাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ

Last Updated : Aug 27, 2020, 1:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.