ETV Bharat / state

গহপুৰত মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ পথ - সৌৰ চাকি তৈয়াৰেৰে স্বাৱলম্বী

ঘৰুৱা কাম-কাজৰ লগতে সৌৰ চাকি তৈয়াৰেৰে স্বাৱলম্বী হৈ এক আদৰ্শ দাঙি ধৰিছে গহপুৰৰ একাংশ মহিলাই ৷

গহপুৰ মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ পথ
author img

By

Published : Sep 17, 2019, 2:15 PM IST

Updated : Sep 17, 2019, 4:47 PM IST

বিশ্বনাথ,17 চেপ্তেম্বৰ : নাৰী পুৰুষ সমানে এই কথা পুনৰ প্ৰমাণ কৰিছে গহপুৰৰ একাংশ মহিলাই ৷ অদিতি ৱেষ্ট ক্লাষ্টাৰৰ লগত জড়িত এইসকল মহিলাই বিগত এবছৰ ধৰি ব্যস্ত আছে সৌৰ চাকি তৈয়াৰ কৰাত ৷ অসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত তেজপুৰত ৭০ লাখ সৌৰ উৰ্জা লেম্প আঁচনিৰ অধীনত প্ৰযুক্তিগত আৰু ব্যৱস্থাপনা প্ৰশিক্ষণ গ্ৰহণ কৰি অদিতি ৱেষ্ট ক্লাষ্টাৰৰ মহিলা আৰু যুৱতীসকলে এইদৰে ব্যস্ত হৈ আছে সৌৰ চাকি নিমাৰ্ণত ৷

গহপুৰ মহিলাই দেখুৱাইছে স্বাৱলম্বনৰ পথ
উল্লেখযোগ্য যে গহপুৰৰ ককিলা চাৰিআলিস্থিত অদিতি ৱেষ্ট ক্লাষ্টাৰৰ কাৰ্যালয়ত এই মহিলা-যুৱতীসকলে তৈয়াৰ কৰা সৌৰ চাকি মাত্ৰ ১০০ টকাতে যোগান ধৰিছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক। তদুপৰি গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে প্ৰণয়ন কৰা আঁচনিখনৰ অধীনত অদিতি ৱেষ্ট ক্লাষ্টাৰে সুলভ মূল্যত সৌৰ চাকি যোগান ধৰিছে পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ ৩৬৫খন বিদ্যালয়ৰ ৩০ হাজাৰ ১৮০ জন ছাত্ৰ-ছাত্ৰীক । ঘৰুৱা কাম-কাজৰ লগতে সৌৰ চাকি তৈয়াৰেৰে স্বাৱলম্বনৰ পথ দেখা গহপুৰৰ এইসকল মহিলা-যুৱতীৰ সাফল্যই এক আশাৰ বতৰা কঢ়িয়াই আনিছে গ্ৰামাঞ্চলৰ যুৱতী-মহিলা সকললৈ।

Intro:As_Biswanath_801_17_seb_Gohpur_Women's_ Self-reliance_ by_making Solar _Lamp_vis_byte_scrpt_as10018
Body:As_Biswanath_801_17_seb_Gohpur_Women's_ Self-reliance_ by_making Solar _Lamp_vis_byte_scrpt_as10018
Conclusion:As_Biswanath_801_17_seb_Gohpur_Women's_ Self-reliance_ by_making Solar _Lamp_vis_byte_scrpt_as10018

নাৰী পুৰুষ সমান তাকে প্ৰমাণ কৰিলে কেইগৰাকীমান গহপুৰ মহিলাই ।
বিশ্বকৰ্মাৰ ৰূপত গহপুৰৰ কেইগৰাকীমান মহিলা-যুৱতী। হাতে হাতে সা-সাৰঞ্জাম লৈ তৈয়াৰ কৰি আছে সৌৰ লেম্প।

অসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত তেজপুৰত ৭০ লাখ সৌৰ উৰ্জা লেম্প আঁচনিৰ প্ৰযুক্তিগত আৰু ব্যৱস্থাপনা প্ৰশিক্ষন গ্ৰহণ কৰা অদিতি ৱেষ্ট ক্লাষ্টাৰৰ মহিলা আৰু যুৱতীসকলে বিগত এবছৰে এইদৰে ব্যস্ত আছে সৌৰ লেম্প তৈয়াৰ কৰাত।

গহপুৰৰ ককিলা চাৰিআলিস্থিত অদিতি ৱেষ্ট ক্লাষ্টাৰৰ কাৰ্যালয়ত মহিলা-যুৱতীসকলে তৈয়াৰ কৰা সৌৰ লেম্প মাত্ৰ ১০০টকাতে যোগান ধৰিছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক।

গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে প্ৰনয়ন কৰা আঁচনিখনৰ অধীনত পুৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ ৩৬৫খন বিদ্যালয়ৰ ৩০হাজাৰ ১৮০ জন ছাত্ৰ-ছাত্ৰীক সুলভ মূল্যত সৌৰ লেম্প যোগান ধৰিছে অদিতি ৱেষ্ট ক্লাষ্টাৰে।

ঘৰুৱা কাম-কাজৰ লগতে সৌৰ লেম্প তৈয়াৰেৰে স্বাৱলম্বনৰ পথ দেখা গহপুৰৰ এইসকল মহিলা-যুৱতীৰ সাফল্যই এক আশাৰ বতৰা কঢ়িয়াই আনিছে গ্ৰামাঞ্চলৰ যুৱতী-মহিলা সকললৈ।
বাইট -কৰ্মত মহিলা ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Sep 17, 2019, 4:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.