ETV Bharat / state

Gangaram Boruah Funeral: ৰাজ্যিক মৰ্যদাৰে  সম্পন্ন মুক্তিযোদ্ধা গংগাৰাম বৰুৱাৰ শেষকৃত্য - ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন

বৃহস্পতিবাৰে বিশ্বনাথতে ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ল মুক্তিযোদ্ধা গংগাৰাম বৰুৱাৰ শেষকৃত্য ৷ প্ৰবীন স্বাধীনতা সংগ্ৰামীগৰাকীৰ শেষ বিদায় প্ৰশাসনৰ বিষয়-ববীয়াৰ লগতে বহু গুণমুগ্ধ উপস্থিত থাকে ৷

Gangaram Boruah Passes away
স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱা আৰু নাই
author img

By

Published : Jul 28, 2023, 8:16 AM IST

Updated : Jul 28, 2023, 1:01 PM IST

স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱা আৰু নাই

বিশ্বনাথ, 28 জুলাই : ৰাজ্যৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱা আৰু নাই ৷ বুধবাৰে নিশা প্ৰায় 11.14 বজাত বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁওস্থিত নিজাবাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাই ৷ বৃহস্পতিবাৰে বিশ্বনাথতে ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হয় প্ৰবীন স্বাধীনতা সংগ্ৰামী মুক্তিযোদ্ধা গংগাৰাম বৰুৱাক ৷

1924 চনত জন্ম গ্ৰহণ কৰি বৃট্ৰিছ ঔপনিৱেশিক শাসক গোষ্ঠীৰ অপশাসন, লুণ্ঠন, অন্যায়, অবিচাৰৰ বিৰুদ্ধে জপিয়াই পৰিছিল গংগাৰাম বৰুৱা ৷ পঢ়াশালিত অ-আ, ক-খ আখৰৰ সৈতে চিনাকী হৈছিল হে, ঠিক তেনে সময়তে স্বাধীনতাৰ সংগ্ৰাম তীব্ৰতৰ হৈ পৰিল ৷ দেশৰ প্ৰান্তে-প্ৰান্তে গঢ়লৈ উঠিল বৃট্ৰিছ খেদাৰ সংগ্ৰাম, জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশত গঠন হ'ল 'মুক্তিবাহিনী'৷ সেই মুক্তিবাহিনীত স্বেচ্ছাসেৱক হিচাপে যোগ দিছিল গংগাৰাম বৰুৱাই ৷

মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা যুঁজৰ এজন সেনানী আছিল গংগাৰাম বৰুৱা ৷ 1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হ'ল ৷ স্বাধীন ভাৰতৰ নাগৰিক হিচাপে বিহালীৰ ৰৌমাৰীত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছিল ভূমি ৷ পৰৱৰ্তী সময়ত স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাই বিশ্বনাথ ৰাজহ চক্ৰৰ অধীনৰ বটিয়ামাৰীৰ 7 খনকৈ ৰাজহ গাঁৱৰ গাঁওবুঢ়া হিচাপে প্ৰায় অৰ্দ্ধশতিকা গাঁওবুঢ়া পদ গ্ৰহণ কৰি দেশমাতৃৰ প্ৰতি সেৱা আগবঢ়াই 2022 চনৰ জুন মাহত অৱসৰ গ্ৰহণ কৰে ৷

তাম্ৰফলি প্ৰাপক স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাই কেন্দ্ৰীয় আৰু ৰাজ্যিক মুক্তিযোদ্ধা পেঞ্চন লাভ কৰিছিল ৷ বৃট্ৰিছ চৰকাৰৰ বিৰূদ্ধে সংগ্ৰামত নমাৰ অপৰাধত কাৰাবাস খাটিব লগা হৈছিল গংগাৰাম বৰুৱায় ৷ মুক্তিযোদ্ধা গংগাৰাম বৰুৱাদেৱক পূৰ্ৱৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্তই সম্বৰ্দ্ধনা পত্ৰৰে সন্মানিত কৰিছিল ৷ আনহাতে, মৃত্যুৰ সময়ত গংগাৰাম বৰুৱাই পত্নী, তিনিজন পুত্ৰ, দুগৰাকী কন্যা, জোঁৱাই, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷

ইফালে বৃহস্পতিবাৰে মুক্তিযোদ্ধা তথা প্ৰবীন স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱা বাসগৃহত উপস্থিত হয় বিশ্বনাথ মহকুমা প্ৰশাসনৰ লোকসকলো । উপস্থিত হয় বিশ্বনাথ মহকুমা ভাৰ প্ৰাপ্ত মহকুমাধিপতি জয় শিৱানী, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কূলেন্দ্ৰ নাথ ডেকাকে ধৰি কেইবাগৰাকীও প্ৰশাসনিক বিষয়া উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনোৱা লগতে প্ৰশাসনিক বিষয়া আৰক্ষী উপস্থিত ৰাজ্যিক মৰ্যদাৰে স্বাধীনতা সংগ্ৰামী তথা মুক্তিযোদ্ধা গংগাৰাম বৰুৱা শেষকৃত সম্পন্ন কৰা হয় ।

লগতে পঢ়ক : Freedom fighter Gangaram Boruah: বিহালীৰ প্ৰবীন স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাৰ দেহাৱসান

Last Updated : Jul 28, 2023, 1:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.