বিশ্বনাথ, 13 ছেপ্তেম্বৰ : বিহালীৰ জৰাবাৰী নামঘৰৰ প্ৰাংগনত এটা পুথিভড়াঁলৰ লাইখুঁটা স্থাপন ৷ দেওবাৰে নামঘৰটোৰ প্ৰাংগণত উপস্থিত হৈ পুথিভড়াঁলটোৰ লাইখুঁটা স্থাপন কৰিলে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷ ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি অঞ্চলটোৰ সমস্যা সমুহ বুজ লোৱাৰ লগতে শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ।
মন্ত্ৰীগৰাকীৰ সতে উক্ত অনুষ্ঠানত উপস্থিত থাকে বাঘমৰা বিজেপি মণ্ডল কমিটিৰ সভাপতি দধিৰাম শৰ্মা,মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাতী,বাঘমৰা মণ্ডল কমিটীৰ সম্পাদক অঞ্জন বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃ বিজেপিয়ে ব্যৱসায়িক দৃষ্টিভংগীৰে দল পৰিচালনা কৰে : অদীপ কুমাৰ ফুকন