বিশ্বনাথ 3 এপ্ৰিল : শুকুৰবাৰে পুৱা ১১-৪০ বজাত তেজপুৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে লাৱণ্য প্ৰভা বৰুৱাই ৷ বিহালীৰ সমাজ জীৱনৰ লগত ছাত্ৰ আন্দোলনৰ সময়ৰ পৰা আৰু লেখা-মেলা আৰু সাংবাদিকতাৰে সমাজ সেৱা কৰি অহা, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাৰ মাতৃ লাৱণ্য প্ৰভা বৰুৱাই তেজপুৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ।
বিহালীৰ এসময়ৰ মৌজাদাৰ আনন্দেশ্বৰ বৰুৱাৰ সহধৰ্মিনী আছিল লাৱণ্য প্ৰভা বৰুৱা । বিহালীৰ মহিলা সমাজৰ অগ্ৰণী আৰু মহিলা সৱলীকৰণৰ গুৰি ধৰোঁতা লাৱণ্য প্ৰভা বৰুৱাৰ মৃত্যুত বিহালীত শোকৰ ছাঁ পৰিছে । তেখেতৰ মৃত্যুত বিহালী প্ৰেছ ক্লাৱ, মধ্য বিহালী শাখা সাহিত্য সভা, দক্ষিণ বিহালী শাখা সাহিত্য সভা, উদ্দীপ্ত চ'ৰা আদি সংগঠনে শোক প্ৰকাশ কৰিছে ।
লগতে পঢ়কঃ কাইলৈ বাক্সা জিলাৰ তামুলপুৰলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী