বিশ্বনাথ, ২৭ ফেব্ৰুৱাৰী: বিহালী সমষ্টিত চিপিআই(এম এল)ৰ বেনাৰ কোনো দুস্কৃতিকাৰীয়ে ফালি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে যোৱা নিশা ৰঙাগড়ত মূল্যবৃদ্ধি বিষয় হিচাপে থকা বেনাৰ এখন কোনো দুস্কৃতিকাৰীয়ে ফালি পেলায় ।
এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিপিআই(এমএল) ৰ কেন্দ্ৰীয় কমিতিৰ সদস্য বিবেক দাসে কয়, যিখন বেনাৰ ফলা হ'ল সেইখনৰ মূল বিষয় আছিল মূল্যবৃদ্ধি । মূল্যবৃদ্ধি বৰ্তমান সময়ত সাধাৰণ ৰাইজৰ এটা ডাঙৰ সমস্যা । সাধাৰণ ৰাইজে গাঁথিৰ ধন ভাঙি এই বেনাৰবোৰ লগাইছে । মূল্যবৃদ্ধিৰ কথা কওঁতেই শাসকীয় পক্ষই বেনাৰ ফালিলে বুলি অভিযোগ উত্থাপন কৰে বিবেক দাসে ৷
লগতে পঢ়ক : পাকিস্তান জিন্দবাদ ধ্বনি দিয়া লোকৰ ভোট নালাগে বিজেপিক !