বিশ্বনাথ,21 জুলাই : মহামাৰী কৰ'ণা মহামাৰীৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ সময়ত যাতে সাধাৰণ ৰাইজৰ সমস্যা নহয় তাৰবাবে চৰকাৰে সুলভ মূল্যৰ দোকানীৰ জৰিয়তে ৰাইজক বিনামূলীয়াকৈ বিভিন্ন সামগ্ৰী প্ৰদান কৰি আহিছিল ৷ কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে ৰাইজৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাইজৰ সামগ্ৰীৰ নামত লুন্ঠন চলাই অহা পৰিলক্ষিত হৈছে ৷
এইবাৰ এনেকুৱা অভিযোগ উখাপন হৈছে বিশ্বনাথ জিলাৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৷ চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চাউল বিতৰণৰ নামত গ্ৰাহকৰ লুন্ঠন চলোৱাৰ অভিযোগ উখাপন হৈছে সুলভ মূল্য়ৰ দোকানীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি,বিশ্বনাথ জিলা খাদ্য অসামৰিক যোগান বিভাগৰ অন্তৰ্গত পশ্চিম বাঘমৰা সমবায় সমিতিৰ অধীনৰ ব্ৰহ্মপুত্ৰ চাপৰি গাঁৱৰ সুলভ মূল্যৰ দোকানী নুৰ উদ্দিন আলিয়ে বিশ্বনাথ জিলা খাদ্য অসামৰিক যোগান বিভাগৰ পৰা বিগত ২০১৬ বৰ্ষৰ পৰা ২০১৯ বৰ্ষৰ সৰ্বমুঠ ১৬.৫০৮ লিটাৰ কেৰাচিন তেল হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপিত কৰিছে বাঘমৰী চাপৰি ম:মণ্ডল হুছেইন আৰু ম: চাইবুৰ ৰহমান নামৰ যুৱক দুজনে ।
যুৱক দুজনে বিশ্বনাথ চাৰিআলি অসামৰিক যোগান বিভাগত তথ্য বিচাৰি জনোৱা আবেদনত উল্লেখ কৰা অনুসৰি,সুলভ মূল্যৰ দোকানী গৰাকীয়ে ২০১৬ চনত ৬.৭৮০ লিটাৰ কেৰাচিন,আবন্টন পোৱাৰ বিপৰীতে ৩৬৪ লিটাৰ কেৰাচিন তেল হিতাধিকাৰী মাজত বিতৰণ কৰি ৬৪১৬ লিটাৰ কেৰাচিন তেল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে অভিযোগকাৰীয়ে। আনহাতে, ২০১৭ বৰ্ষৰত ৬৭২৯ লিটাৰ কেৰাচিন তেল আবন্টন পোৱাৰ বিপৰীতে হিতাধিকাৰী মাজত ১৮২ লিটাৰ কেৰাচিন তেল বিতৰণ কৰি ৬৫৪৭ লিটাৰ কেৰাচিন তেল আত্মসাৎ কৰা লগতে ২০১৮ বৰ্ষত ৩৬৪৬ লিটাৰ কেৰাচিন লাভ কৰি ৩৬৪ বিতৰণ কৰি ৩২৮২ আত্মসাৎ কৰা বুলি মন্তব্য প্ৰদান কৰে ।
ইফালে,২০১৯ বৰ্ষত ৪৪৫ লিটাৰ তেল লাভ কৰি ১৮২ লিটাৰ বিতৰণ কৰাৰ বিপৰীতে ২৬৩ লিটাৰ তেল হৰলুকি কৰাৰ অভিযোগ সুলভ মূল্যৰ দোকানী জনৰ বিৰুদ্ধে ।
আনহাতে,২০২০ চনৰ এপ্ৰিল মাহৰ পৰা জুন মাহলৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে লক ডাউনৰ বাবে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক সকলক মাহত দুবাৰকৈ চাউল বিতৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । কিন্তু তিনি মাহত ৬ বাৰ চাউল দিয়াৰ সলনি ৫ বাৰ চাউল বিতৰণ কৰাৰ অভিযোগ উখাপন হৈছে সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে । লগতে, চৰকাৰে দৰিদ্ৰ লোকসকলক চাউলৰ লগতে প্ৰতিটো পৰিয়ালক ১ কিলো দালি বিতৰণ কৰিবলৈ চৰকাৰে দালি যোগান ধৰিছিল যদিও দালি বিতৰণ ক্ষেত্ৰতো সুলভ মূল্যৰ দোকানী গৰাকীয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে ।
আনহাতে,এই ঘটনাৰ পিচতে বিশ্বনাথ চাৰিআলিৰ খাদ্য অসামৰিক যোগান বিভাগক ম:মণ্ডল হুছেইন আৰু মা: চাইবুৰ ৰহমানে জিলা উপায়ুক্ত আৰু খাদ্য অসামৰিক বিভাগক লিখিত অভিযোগ দিয়া পিচতো সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি যুৱকদ্বয়ে মন্তব্য প্ৰদান কৰে ।
ইফালে,এই দুৰ্নীতি অনিয়মৰ সন্দৰ্ভত ইটিভি ভাৰত সুলভ মূল্যৰ দোকানী নুৰউদ্দিন আলীৰ পৰা জানিব বিচৰাত আলীয়ে প্ৰকাশ কৰে যে, বিগত বছৰৰ অধিক সময় কেৰাচিন তেল ডিপোৰ পৰাই সংগ্ৰহ কৰা নাই যিহেতু তেওঁ দোকানৰ দৰিদ্ৰ সীমা ৰেখা তলৰ অধিকাংশ হিতাধিকাৰী ঘৰত বিদ্যুৎ সংযোগ আছে সেই বাবে হিতাধিকাৰী সকলে কেৰাচিন তেল নিবিচাৰে সেই বাবে তেল ডিপোৰ পৰাই সংগ্ৰহ নাই কৰা বুলি উল্লেখ কৰে ৷ আনহাতে এই সন্দৰ্ভত জিলা খাদ্য অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক দীপেন লচকৰক অৱগত কৰা বুলি উল্লেখ কৰে সুলভ মূল্য়ৰ দোকানী গৰাকীয়ে ৷
লগতে পঢ়ক : জাগুনত এজনৰ দেহত কোভিড ১৯ ৰ উপস্থিতি