ETV Bharat / state

বিশ্বনাথৰ ৫ টা অঞ্চলত কন্টেইনমেন্ট জ'ন ঘোষণা - বিশ্বনাথৰ ৫ টা অঞ্চলত কন্টেইনমেন্ট জ'ন ঘোষণা

মঙলবাৰে পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হৈছে এই নিৰ্দেশ ৷ অঞ্চল ৫টা হৈছে , 1. COVID-19ত আক্ৰান্ত বিজয় শংকৰ দাসৰ শান্তি পুৰৰ বাসগৃহ,কালিচৰন দাস,প্ৰদীপ দাস আৰু সঞ্জীৱ দাসৰ বাসগৃহ সমন্বিতে অঞ্চলটো, 2.বিশ্বনাথ নগৰৰ মিষ্টিমুখ দোকান, 3.বুক চেন্টাৰ, 4.ৰমনী বস্ত্ৰালয় আৰু 5. জয় ভাৰত চেলুন আৰু পেৰিছ বিউটি পাৰ্লাৰ ।

বিশ্বনাথৰ ৫ টা অঞ্চলত কন্টেইনমেন্ট জ'ন ঘোষণা

author img

By

Published : Jun 24, 2020, 6:58 AM IST

Updated : Jun 24, 2020, 7:10 AM IST

বিশ্বনাথ,24 জুনঃ বিশ্বনাথ জিলা প্ৰশাসনে 5 টা অঞ্চলত কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ৷ COVID আক্ৰান্ত বিজয় শংকৰ দাস নামৰ লোকজনৰ সংস্পৰ্শলৈ আহিছিল 5 টা অঞ্চলৰ লোক ৷ তাৰ পাচতেই বিশ্বনাথ জিলা প্ৰশাসনে আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে পাঁচোটা অঞ্চলেই ছীল কৰিছে ৷

বিশ্বনাথ নগৰৰ মিষ্টিমুখ দোকান
বিশ্বনাথ নগৰৰ মিষ্টিমুখ দোকান

গুৱাহাটীত এটা বেংকত কৰ্মৰত বিজয় শংকৰ দাস বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰস্থিত নিজা ঘৰলৈ আহি বিশ্বনাথ নগৰৰ একাধিক ঠাইত ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনত COVID-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে তেওঁৰ সংস্পৰ্শলৈ অহা সম্ভাৱ্য এলেকাসমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰে ৷

মঙলবাৰে পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা অঞ্চল ৫টা হৈছে , 1. COVID-১৯ত আক্ৰান্ত বিজয় শংকৰ দাসৰ শান্তি পুৰৰ বাসগৃহ, কালিচৰন দাস, প্ৰদীপ দাস আৰু সঞ্জীৱ দাসৰ বাসগৃহ সমন্বিতে অঞ্চলটো, 2. বিশ্বনাথ নগৰৰ মিষ্টিমুখ দোকান, 3. বুক চেন্টাৰ, 4. ৰমনী বস্ত্ৰালয় আৰু 5. জয় ভাৰত চেলুন আৰু পেৰিছ বিউটি পাৰ্লাৰ ।

বিশ্বনাথ জিলা দণ্ডাধীশে অসম COVID-19 নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দুৰত্ব বজায় ৰখাৰ লগতে অনান্য COVID-19 নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷ এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম COVID-১৯ নিয়মাৱলী ২০২০,দুৰ্যোগ প্ৰশমন আইন ২০০৫,মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়কঃ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন

Last Updated : Jun 24, 2020, 7:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.