ETV Bharat / state

বিশ্বনাথ, মালিগাঁও আৰু টীয়কত ষট পূজাৰ ব্যাপক প্ৰস্তুতি - ষট পূজাত সূৰ্য দেৱতাক পূজা কৰে ভক্তসকলে

আজি ষট পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে ষট পূজা। পুৱাৰ ভাগতে ৰীতি-নীতিৰে নদীৰ পাৰলৈ গৈ সূৰ্য দেৱতাক পূজা কৰে ভক্তসকলে।

আজি ষট পূজা
author img

By

Published : Nov 2, 2019, 3:30 PM IST

বিশ্বনাথত ষট পূজাৰ ব্যাপক প্ৰস্তুতি

বিশ্বনাথ,2 নৱেম্বৰঃ আজিৰে পৰা আৰম্ভ হ'ব হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ষট পূজা । সমান্তৰালকৈ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত এই পূজাৰ প্ৰস্ততি তুংগত কৰি তুলিছে । বিশেষকৈ এই পূজা নদী-উপ নদীৰ পাৰত কল পুলি ৰুপণ কৰাৰ লগতে মূৰ্তি নিৰ্মাণ কৰি পূজা আৰম্ভ হ'ব ।

বিশ্বনাথত ষট পূজাৰ ব্যাপক প্ৰস্তুতি

মহানগৰীত ষট পূজাৰ ব্যাপক উছাহ

গুৱাহাটী, 2 নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ মালিগাঁৱৰ বজাৰত পূজাৰ ভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। ধৰ্মীয় ৰীতি সমাজৰ অসূয়া-অপ্ৰীতি দূৰ কৰাৰ উদ্দেশ্যে বিয়লি অস্তমুখী সূৰ্য দেৱতাক সেৱা কৰে ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলে। ষট্ পূজা উপলক্ষে মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাট সমূহো প্ৰস্তুত কৰি তোলা হৈছে। গুৱাহাটীৰ পাণ্ডু,ফাচীবজাৰ আদি স্থানত পূজাৰ আয়োজন কৰা হৈছে । ইফালে জিলা প্ৰশাসনে ভক্তৰ সুবিধাৰ্থে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । চাফ চিকুণতা আৰু শান্তি-শৃংখলাবদ্ধভাৱে উৎসৱ পালন কৰিবলৈ পূজা সমিতি সমূহক জিলা প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছে । তাৰোপৰি ভক্তৰ নিৰাপত্তাৰ বাবে মহানগৰীৰ আৰক্ষীয়ে পূজাস্থলীসমূহত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোটায়েন কৰিছে ।

মহানগৰীত ষট পূজাৰ ব্যাপক উছাহ

টীয়কত ষট পূজাৰ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন

টীয়ক,2 নৱেম্বৰঃ ধৰ্মীয় নীতি অনুসৰি শনিবাৰে ষষ্ঠীৰ বিয়লি সূৰ্য অস্তৰ সময়ত আৰু দেওবাৰলৈ সপ্তমীৰ পুৱা সূৰ্য উদয়ৰ সময়ত এই পূজা ভাগ আগবঢ়োৱা হয়। অন্যান্য স্থানৰ লগতে যোৰহাটৰ টীয়কতো ষট পূজা উদযাপনৰ ব্যাপক আয়োজন চলিছে । সকলো ধৰ্মাৱলম্বীৰ লোকে অংশগ্ৰহণ কৰিব লগীয়া এই পূজাৰ লগতে সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছে ।

Intro:as_biswanath_801_2_nov_cath_puja_vis_dl_scrpt_as10018

Body:as_biswanath_801_2_nov_cath_puja_vis_dl_scrpt_as10018

Conclusion:আজিৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ব হিন্দু ধমালম্বী লোকৰ ষট পূজা ।
দেশৰ আন আন স্থানৰ লগতে অসমৰ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত এই পূজাৰ প্ৰস্ততি তু‌ংগত কৰি তুলিছে ।
বিশেষ কৈ এই পূজা নদী উপনদীৰ পাৰত কল পুলি ৰুপন কৰাৰ লগতে মূৰ্তি নিৰ্মাণ কৰি সূৰ্য দেবতাক লক্ষ্য কৰি আজি সূৰ্য অস্ত যোৱাৰ পাছৰ পৰাই এই পূজা আৰম্ভ হ'ব । এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.