ETV Bharat / state

নিৰ্মাণত গাফিলতি: এজাক বৰষুণতে খহিল পানপুৰ মথাউৰিৰ কাৰ্পেট - জিঅ’ বেগ

বিশ্বনাথৰ চতিয়া তথা জামুগুৰিহাটৰ ৰক্ষাকৱচ বিশ্বনাথ ঘাট পানপুৰ মথাউৰিত খহনীয়া ৷ এজাক বৰষুণতেই 14 কোটি টকা আঁচনিৰ জিঅ’ বেগৰ কাৰ্পেট খহিছে মথাউৰিটোত ৷ সম্পূৰ্ণ বাৰিষা পৰাৰ পূৰ্বে খহনীয়া ৰোধৰ ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিভাগক আহ্বান আমছুৰ লগতে স্থানীয় ৰাইজৰ ৷

carpet-collapsed-of-river-bank
এজাক বৰষুণতে খহিল পানপুৰ মথাউৰিৰ কাৰ্পেট
author img

By

Published : May 19, 2021, 2:01 PM IST

বিশ্বনাথ,19 মে’: বিশ্বনাথ ঘাটৰ পানপুৰ মথাউৰিত এজাক বৰষুণতে আৰম্ভ হৈছে খহনীয়া । বিশ্বনাথৰ চতিয়া তথা জামুগুৰিহাটৰ ৰক্ষা কৱচ এই বিশ্বনাথঘাট পাণপুৰ মথাউৰিলৈ নামি আহিছে সংকট । 14 কোটি টকা আঁচনিৰ জিঅ’ বেগৰ কাম আৰম্ভ হৈ থকাৰ সময়তে সামান্য এজাক বৰষুণতে খহি পৰিল কাৰ্পেট । ইফালে অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰিছে তীব্ৰ খহনীয়া ।

স্থানীয় দল-সংগঠন আৰু ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰে সঠিকভাৱে কাম নকৰাত আৰু অতি লেহেমীয়া গতিৰে কৰা কামৰ বাবে খহনীয়াই আকৌ তীব্ৰ ৰূপ ধাৰণ কৰিছে । তদুপৰি কিছু কিছু অঞ্চলত এতিয়াও জিঅ’ বেগৰ কাম আৰম্ভ হোৱা নাই, যাৰ ফলত পানপুৰ চতিয়াৰ বৃহৎ অংশ জলমগ্ন হোৱাৰ আশংকা আহি পৰিছে ।

এজাক বৰষুণতে খহিল পানপুৰ মথাউৰিৰ কাৰ্পেট

ভৰ বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বেই যদি ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই এই জিঅ’ বেগৰ কাম খৰতকীয়া নকৰে, তেনেহ’লে বাৰিষাৰ সময়ত সম্পূৰ্ণৰূপে বিশ্বনাথ আৰু চতিয়াৰ শতাধিক গাঁও জলমগ্ন হৈ পৰিব ‌। উল্লেখ্য যে, 2012 চনত এই মথাউৰি ভঙাৰ পাচত অঞ্চলটোত খহনীয়া আৰু বানে সংহাৰী ৰূপ ধাৰণ কৰি প্ৰায় শতাধিক গাঁও প্লাৱিত কৰিছিল । যাৰ ফলত বহু লোকে নিজৰ ঘৰ-দুৱাৰ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । এনে পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে জিলাখনৰ আমছুৰ সদস্যসকলে খহনীয়া পৰিদৰ্শন কৰি তাৰ সু-ব্যৱস্থা ল’বলৈ স্থানীয় সহকাৰী জলসম্পদ বিভাগক দাবী জনায় ৷

এই সন্দৰ্ভত ৰাইজৰ অভিযোগ, বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰে ঠিকাদাৰৰ মিতিৰালি হোৱাৰ বাবেই মথাউৰিৰ কাম 80 শতাংশ সম্পূৰ্ণ হৈছে । তদুপৰি জুলাপাৰাৰ সমীপতে থকা গৰৈমাৰী প্ৰাথমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ সময়ত মথাউৰিটো সুৰক্ষাৰ বাবে প্ৰায় 500 মিটাৰ জিঅ’ বেগ আৰু কাৰ্পেটৰ কাম আৰম্ভ কৰিয়েই দায়িত্ব সামৰিছে ঠিকাদাৰে । প্ৰায় 14 কোটি টকাৰ ঠিকা লাভ কৰা এছএম স্কেনিং মিল আৰু এমপি আগৰৱালাই একাংশ লোকক দায়িত্ব দিয়াৰ ক্ষেত্ৰত বহু দুৰ্নীতি কৰা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ সমষ্টি পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.