বিশ্বনাথ, ৫ অক্টোবৰ : সোমবাৰৰ পৰা ৰাজ্যত অনিৰ্দিষ্টকালীন ভাৱে আৰম্ভ হৈছে চকা বন্ধ । ইতিমধ্যে বাছ ভাড়া বৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদ সাাব্যস্ত কৰিছে যাত্ৰীসকলে । ফলত বিপাঙত পৰিছে বাছৰ মালিক কৰ্তৃপক্ষ ।
উল্লেখযোগ্য যে, যোৱা মাৰ্চ মাহৰ পৰা দেশত হোৱা ভয়াবহ ক'ভিড-১৯ ৰ ফলত দেশৰ যান বাহন চলাচল বন্ধ হৈ পৰিছিল । ইফালে শেহতীয়াকৈ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি যান বাহন চলাচল কৰিবলৈ নিৰ্দেশ দিছিল যদিও শেহতীয়াকৈ অসমত বাছ চলাচল কৰাত পূৰ্বৰ ভাড়াকৈ দুগুণ বৃদ্ধি কৰি বাছ মালিকসকলে সামাজিক দূৰত্ব বজাই ৰাখি বাছ চলাচল কৰিছিল যদিও একাংশ যাত্ৰীসকলৰ বাবে সমস্যা সৃষ্টি হৈছিল ।
যাৰ ফলত বিভিন্ন সময়ত যাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল । শেহতীয়াকে এই সমস্যাসমূহৰ সমাধানৰ বাবে সোমবাৰৰ পৰা অৰ্নিদিষ্ট কাললৈ মটৰ পৰিবহণ সন্থাই চকা বন্ধ ঘোষণা কৰিছে । ফলত প্ৰথমটো দিনতে বিশ্বনাথচাৰিআলিত বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয় ।
আনহাতে, দুই এখন চৰকাৰী বাছ চলাচল কৰিছিল যদিও সেই বাছ সমূূহত যাত্ৰীসকলৰ পূৰ্বৰ দৰে ভিৰ দেখা পোৱা নগ'ল ।
লগতে পঢ়ক : কাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !