বিশ্বনাথ 16 জুন: বিজেপিৰ ৰাজ্যিক সদস্য তথা এমট্ৰমৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা মঙলবাৰে উপস্থিত হয় বিহালীত । বিহালীত শৰ্মাই বিজেপি দলৰ জনসম্পৰ্ক অভিযান শুভাৰম্ভ কৰে ।
অসম ৰাজ্যিক বিজেপি সদস্য তথা এমট্ৰমৰ অধ্যক্ষ ঋতুবৰণ শৰ্মাৰ নেতৃত্বত বিহালী বিজেপি কাৰ্যকৰ্তা আৰু বুথ কমিটি মহিলা মৰ্চা সদস্যসকলক লগত লৈ ঘৰে ঘৰে উপস্থিত হৈ বিজেপি উন্নয়ন মুলক কামৰ খতিয়ান দাঙি ধৰে ।
উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে মঙলবাৰৰ পৰা বিজেপি দলে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান।
মঙলবাৰে বিহালীত এই অভিযানৰ শুভাৰম্ভ কৰে বিজেপি নেতা ঋতুবৰণ শৰ্মাই । অনুষ্ঠানত শৰ্মাক সংগ দিয়ে বাঘমৰা বিজেপি মণ্ডল কমিটি সভাপতি দধিৰা শৰ্মা,সাধাৰণ সম্পাদক তথা যুৱ বিজেপি নেতা অঞ্জন বৰা,অকণ শইকীয়াকে ধৰি কেইবাজনো বিজেপি নেতা কৰ্মীয়ে ।
লগতে পঢ়ক: পশ্চিম গুৱাহাটীত বিজেপিৰ জনসম্পৰ্ক অভিযান